বৰমাৰ তুলসী ৰাভালৈ ডক্টৰেট উপাধি প্ৰদান

বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তুলসী ৰাভালৈ ডক্টৰেট উপাধি প্ৰদান । দিল্লীৰ মেজিক এণ্ড আৰ্ট বিশ্ববিদ্যালয়ৰ পৰা শিক্ষকগৰাকীয়ে লাভ কৰে ডক্টৰেট উপাধি ।

বাক্সা জিলাৰ বৰমাৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তুলসী ৰাভালৈ ডক্টৰেট উপাধি প্ৰদান । দিল্লীৰ মেজিক এণ্ড আৰ্ট বিশ্ববিদ্যালয়ৰ পৰা শিক্ষকগৰাকীয়ে লাভ কৰে ডক্টৰেট উপাধি । যোৱা ১৩ ডিচেম্বৰত তেওঁক বিশ্ববিদ্যালয়খনে ডক্টৰেট উপাধি প্ৰদান কৰে ।

ড০ তুলসী ৰাভাক শিক্ষা আৰু সামাজিক কাম-কাজৰ বাবে এই সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰা হৈছে । তেওঁক যোৱা ১৩ ডিচেম্বৰত দিল্লী এন চি আৰৰ ফৰিদাবাদস্থিত দ্য কাষ্টেল অৱ আৰ্ট থিয়েটাৰৰ প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হয় । তেওঁ নিখিল ৰাভা ছাত্ৰ সন্থা তথা আৰছুৰ ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ দুটা কাৰ্যকালৰ বাবে সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । সদৌ অসম জনজাতি ছাত্ৰ সন্থা তথা আটছুৰ যুটীয়া সম্পাদক হিচাপেও ১৯৮৫ চনৰ  পৰা ১৯৮৮ চনলৈ কাযনিৰ্বাহ কৰিছিল ৰাভাই ।

লগতে তেওঁ ইণ্ডিজেনাছ ট্ৰাইবেল  ফেডাৰেচনৰ ২০০৮ চনৰ পৰা  ২০১০ চনলৈ সভাপতি, ইউ ডি পি এফ দলত ২০১০ চনৰ পৰা ২০১২লৈ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিল । ১৯৯৫ চনত ৰাভা চুক্তিৰ জৰিয়তে ৰাভা হাছং স্বায়ত্ত পৰিষদ লাভ কৰাৰ অন্যতম ভূমিকা গ্ৰহণ কৰিছিল তুলসী ৰাভাই । তাৰোপৰি ১৯৮৯ চনত ৰাভা ভাষা স্বীকৃতি লাভ কৰা আন্দোলনৰো আগশাৰীত থাকি নেতৃত্ব বহন কৰিছিল ।

তেওঁ ১৯৯৫ ইং চনৰ পৰা বাক্সা জিলাৰ বৰমাস্থিত বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয় শিক্ষক হিচাপে কাম কৰি আছে  । উল্লেখ্য যে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে ২০২৪ চনৰ আগষ্ট ৩০ পৰা ২৮/০৭/২০২৫ ৰ ২৮ জুলাইলৈ দায়িত্ব লৈছিল । তেওঁ বাক্সা জিলাৰ বৰমাৰ ওচৰৰ আলাগজাৰ গাৱঁৰ চাৰানপাৰা চুপাৰ হৰোৰাম ৰাভা আৰু বদলী ৰাভাৰ পুত্ৰ । ৰাভাই ২০২৩ চনত “কথা চিন্তাৰ তৰংগ” নামৰ এখন গ্ৰন্থও প্ৰকাশ কৰিছে  । তেওঁক ২০১৫ চনত বাক্সা জিলা প্ৰশাসন আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকে “কৃতি শিক্ষক” বটা প্ৰদান কৰিছিল ।

লগতে পঢ়ক : ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ…

সাংবাদিক-আৰক্ষীৰ বাহনত আক্ৰমণৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থাঃ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক

নিকাছীত আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক

-বাক্সাৰ ঘটনাৰ সময়ৰ ভিডিঅ’ ফুটেজ কৰা হ’ব পৰীক্ষা

-পৰিস্থিতি অনিয়ন্ত্ৰিত কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা

-সাংবাদিক, আৰক্ষীৰ বাহনত আক্ৰমণৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা

-‘বাক্সাৰ নিকাছীৰ সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণাধীন’

-‘বুধবাৰৰ ঘটনাৰ ভিডিঅ’ ফুটেজৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে’

-আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিঙৰ মন্তব্য

-আনহাতে স্থানীয় লোকে দিছে ভয়ংকৰ ভাষ্য

-‘বাক্সাৰ প্ৰতিবাদস্থলীত আছিল বাহিৰৰ লোক’

-‘নিচেই কম সংখ্যকহে স্থানীয় লোক আছিল ঘটনাস্থলীত’

-‘শিলাবৰ্ষণৰ সময়ত নাছিলো কোনো স্থানীয় লোক’

-‘বাহিৰৰ পৰা অহা লোকেহে ক্ষতি কৰিলে ৰাজহুৱা সম্পত্তিৰ’

-‘স্থানীয় লোকে অভিযুক্তক চাবলৈহে আহিছিল’

-বাক্সাৰ নিকাছীৰ সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণাধীন

লগতে পঢ়ক : বাক্সাত পুৱাই উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং; বাতিল আৰক্ষীৰ ছুটী

বাক্সাত পুৱাই উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং; বাতিল আৰক্ষীৰ ছুটী

বাক্সাত পুৱাই উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান

-বাক্সাত নিশাৰ পৰা গিজগিজাই আছে আৰক্ষী

-কাৰাগাৰৰ পৰা ৫০০মিটাৰ ব্যাসাৰ্ধলৈ সোমাবলৈ দিয়া নাই কোনো লোকক

-লাঠি, তৰোৱাল আদি ওলাই অহাক লৈ নিষেধাজ্ঞা

বাক্সাত পুৱাই উপস্থিত হ’ল আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং

-সকলো পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰখাৰ নিৰ্দেশ আৰক্ষীক

-বাক্সাৰ দাঁতিকাষৰীয়া জিলাৰ আৰক্ষীৰ সৈতেও আলোচনাত বহিব হৰমিত সিং

-বৰ্তমানো কৰ্তন কৰি থোৱা হৈছে ইন্টাৰনেট সেৱা

-জিলাখনত জাৰি কৰা হৈছে ১৬৩ ধাৰা

-বুধবাৰে জিলাখনৰ নিকাছীত সৃষ্টি হৈছিল উত্তেজনাময় পৰিস্থিতিৰ

-অসত উদ্দেশ্যৰে কোনো যাতে ৰাজপথলৈ নাহে

-তাৰ ওপৰতো কাঢ়া নজৰ আৰক্ষীৰ

-অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি আৰক্ষীয়ে লৈছে বিশেষ সিদ্ধান্ত

-বাতিল কৰা হৈছে সকলো আৰক্ষীৰ ছুটী

লগতে পঢ়ক : ‘কেৱল মোৰ স্বামীক হেৰুওৱা নাই…’ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ ফেচবুক পোষ্ট

‘বাক্সা জিলাত হোৱা ঘটনা অতি দুখজনক’; মুখ্যমন্ত্ৰী

বাক্সা জিলাত হোৱা ঘটনা অতি দুখজনক

বুধবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত জড়িত ৫ অভিযুক্তক গুৱাহাটীৰ পৰা লৈ যোৱা হয় বাক্সা জিলা কাৰগাৰলৈ লৈ যোৱা হয়। তাৰ পিছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

সেই ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,বাক্সা কাৰাগাৰৰ সন্মুখত ঘটা ঘটনা অত্যন্ত দুখজনক।এই ঘটনাত আমি সকলোৱে মনোকষ্ট পাইছো।

আদালতৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব।মই জনসাধাৰণক এটাই আহ্বান জনাইছো ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখক।

অসম আৰক্ষীয়ে তদন্তৰ জৰিয়তে জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত দোষীক শাস্তি প্ৰদান কৰিব।জুবিন গাৰ্গৰ ঘটনাত অসমবাসীয়ে ন্যায় লাভ কৰিব।ৰাইজে কেতিয়াও আইন হাতত তুলি ল’ব নালাগে।  

লগতে পঢ়ক: বাক্সা জিলাত কৰ্তন ইণ্টাৰনেট সেৱা…

বাক্সা জিলাত কৰ্তন ইণ্টাৰনেট সেৱা…

বাক্সা জিলাত কৰ্তন ইণ্টাৰনেট সেৱা…

বাক্সাত অগ্নিগৰ্ভা পৰিস্থিতিৰ পাছতে ৰাজ্য চৰকাৰে ললে ডাঙৰ সিদ্ধান্ত। সমগ্ৰ বাক্সা জিলাত বন্ধ কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা।

আইন-শৃংখলাজনিত কাৰণত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। পৰিস্থিতি বিঘ্নিত নহ’বৰ কাৰণে আৰু শান্তি-শৃংখলা ৰক্ষাৰ স্বাৰ্থত সাময়িকভাৱে কৰ্তন কৰা হৈ ইণ্টাৰনেট সেৱা।

অৱশ্যে ভইচকল আৰু ব্ৰডবেণ্ড টেলিফোন সেৱা অব্যাহত থাকিব। আইন ভংগকাৰীৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা। ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।

লগতে পঢ়ক: বাক্সাত ভয়ংকৰ পৰিস্থিতি; জাৰি কৰা হ’ল ১৬৩ ধাৰা

বাক্সাত ভয়ংকৰ পৰিস্থিতি; জাৰি কৰা হ’ল ১৬৩ ধাৰা

বাক্সাত জাৰি কৰা হ’ল ১৬৩ ধাৰা

ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে বাক্সা জিলাৰ জে’ল চৌহদত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাক্সালৈ ৰাওনা হেছে ৰেপিড এক্সন ফৰ্চ। প্ৰেৰণ কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী বাহিনী।

গুৱাহাটীৰ পৰা বাক্সালৈ ইতিমধ্যে ৰাওনা হৈছে আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ অতিৰিক্ত গোট। তাৰ মাজতে বাক্সাত জাৰি কৰা হৈছে ১৬৩ ধাৰা।পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ বাবে জাৰি কৰা হৈছে ১৬৩ ধাৰা।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎপৰ বাক্সা জিলা প্ৰশাসন। বাক্সা জিলা কাৰাগাৰৰ সমীপত BNSSৰ ১৬৩ ধাৰা জাৰি।ৰাজহুৱা স্থানত ৫ জনতকৈও অধিক লোক সমৱেত হোৱাত নিষেধাজ্ঞা।

লোকসকলে কোনো ধৰণৰ চোকা অস্ত্ৰ আদি লৈ ঘূৰি ফুৰিব নোৱাৰিব, কোনো ধৰণৰ ৰেলী, সমদল, ধৰ্ণা আদি কাৰ্যসূচী কৰিব নোৱাৰিব আৰু অনুমতি অবিহনে কোনো সভা-সমিতি আদিও কৰিব নোৱাৰিব। জিলা কাৰাগাৰ চৌহদৰ ৫০০ মিটাৰ ব্যাসাৰ্ধত জাৰি কৰা হৈছে নিষেধাজ্ঞা।   

লগতে পঢ়ক: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তঃ ন্যায়িক জিম্মালৈ প্ৰেৰণ ৫ অভিযুক্তক

লজ্জাজনক; ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ৯ বছৰীয়া শিশু

বাক্সাৰ ফুলগুৰীত মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। ৬৫ বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰিলে এটি ৯ বছৰীয়া শিশুক। বৃদ্ধ লম্পদটো বাক্সাৰ ফুলগুৰীৰ ৰমেশ দাস বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে কণমানি গৰাকীক ফুচুলাই যৌন নিৰ্যাতন চলাইছিল লম্পদ ৰমেশ দাসে।ইতিমধ্যে বাক্সাৰ শিমলা আৰক্ষীয়ে লম্পদ গৰাকীক POCSO আইনৰ আধাৰত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। এই ঘটনাই সমগ্র অঞ্চলটোৰ লোকসকলক লজ্জানত কৰিছে।