‘বাক্সা জিলাত হোৱা ঘটনা অতি দুখজনক’; মুখ্যমন্ত্ৰী

‘বাক্সা জিলাত হোৱা ঘটনা অতি দুখজনক’; মুখ্যমন্ত্ৰী

বাক্সা জিলাত হোৱা ঘটনা অতি দুখজনক বুধবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত জড়িত ৫ অভিযুক্তক গুৱাহাটীৰ পৰা লৈ যোৱা হয় বাক্সা জিলা কাৰগাৰলৈ লৈ যোৱা হয়। তাৰ পিছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সেই ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে

বাক্সা জিলাত হোৱা ঘটনা অতি দুখজনক

বুধবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত জড়িত ৫ অভিযুক্তক গুৱাহাটীৰ পৰা লৈ যোৱা হয় বাক্সা জিলা কাৰগাৰলৈ লৈ যোৱা হয়। তাৰ পিছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

সেই ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,বাক্সা কাৰাগাৰৰ সন্মুখত ঘটা ঘটনা অত্যন্ত দুখজনক।এই ঘটনাত আমি সকলোৱে মনোকষ্ট পাইছো।

আদালতৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব।মই জনসাধাৰণক এটাই আহ্বান জনাইছো ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখক।

অসম আৰক্ষীয়ে তদন্তৰ জৰিয়তে জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত দোষীক শাস্তি প্ৰদান কৰিব।জুবিন গাৰ্গৰ ঘটনাত অসমবাসীয়ে ন্যায় লাভ কৰিব।ৰাইজে কেতিয়াও আইন হাতত তুলি ল’ব নালাগে।  

লগতে পঢ়ক: বাক্সা জিলাত কৰ্তন ইণ্টাৰনেট সেৱা…