‘কেৱল মোৰ স্বামীক হেৰুওৱা নাই…’ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ ফেচবুক পোষ্ট

‘কেৱল মোৰ স্বামীক হেৰুওৱা নাই…’ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ ফেচবুক পোষ্ট

গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট ১৫ অক্টোবৰ, বুধবাৰে বাক্সাৰ নিকাছীত সংঘটিত হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ । শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পাঁচ অভিযুক্তক বাক্সাৰ কাৰাগাৰলৈ নিয়াৰ সময়তে সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ । এই পাঁচ অভিযুক্তক কাৰাগাৰলৈ নিয়াৰ সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়

গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট

১৫ অক্টোবৰ, বুধবাৰে বাক্সাৰ নিকাছীত সংঘটিত হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ । শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পাঁচ অভিযুক্তক বাক্সাৰ কাৰাগাৰলৈ নিয়াৰ সময়তে সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ । এই পাঁচ অভিযুক্তক কাৰাগাৰলৈ নিয়াৰ সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি একাংশ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । উত্তেজিত লোকে আৰক্ষীৰ লোকলৈ শিগুটি নিক্ষেপ কৰাৰ লগতে কেইবাখনো গধুৰ আৰু পাতলীয়া বাহনত অগ্নিসংযোগো কৰে । ঘটনাত কেইবাজনো আৰক্ষীৰ লোক আহত হোৱাৰ লগতে আহত হয় কেইবাগৰাকী সাংবাদিক আৰু প্ৰতিবাদকাৰী । এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

এই ঘটনাৰ পিছতে ফেচবুকযোগে বিশেষ পোষ্ট কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে । সামাজিক মাধ্যমত এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰিমা শইকীয়া গাৰ্গে কয়-“মই কেৱল মোৰ স্বামীক হেৰুওৱা নাই ..

প্ৰতিঘৰ অসমীয়াই নিজৰ এজন পুত্ৰ/ভাতৃ/বন্ধু/অভিভাৱক হেৰুৱাইছে । বিশ্বজুৰি তেওঁক ভালপোৱা বহুজনে আপোন এজনক হেৰুৱাইছে । সকলোৰে মন-মগজু,বিবেক,,, দুখ, কষ্ট আৰু বহু প্ৰশ্নৰে ভাৰাক্ৰান্ত হৈ আছে। এনে সময়ত সকলোৱে সকলোৰে মনঃস্তত্ব ভালদৰে বুজিবলৈ চেষ্টা কৰাটো আটাইতকৈ জৰুৰী কথা । কৃত্ৰিমতা আৰু মেৰপেচবোৰ এৰি সৰল , পোনপটীয়া কথাৰে সময়ক সহযোগ কৰাটো অত‌্যন্ত জৰুৰী ।‌ শান্তিৰ আৰু সম্প্ৰীতিৰ বাতাবৰণ অব্যাহত থাকক ,, আৰু কোনো হানি- বিঘিনিৰ খবৰ নালাগে প্ৰভু ।“

লগতে পঢ়ক : ‘বাক্সা জিলাত হোৱা ঘটনা অতি দুখজনক’; মুখ্যমন্ত্ৰী