বলিউডৰ মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফে প্ৰতি বছৰে তেওঁৰ স্বামী বিকীৰ বাবে কৰৱা চৌথৰ ব্ৰত ৰাখে। এই বছৰো অভিনেত্ৰী গৰাকী পালন কৰিলে কৰৱা চৌথ।
অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে সামাজিক মাধ্যমত কৰৱা চৌথৰ বহুতো ফটো শ্বেয়াৰ কৰিছে। ইয়াত, তেওঁক শাহু আৰু স্বামী বিকিৰ সৈতে আনন্দত থকা দেখা গৈছে।
কৰৱা চৌথ বাবে গোটেই পৰিয়ালটো একেলগে আছিল।ফটোবোৰত বিকিৰ ভাতৃ ছানী আৰু কেটৰিনাৰ ভগ্নী ইছাবেলকো দেখা পোৱা গৈছে।
এইবাৰ কৰৱা চৌথত কেটৰিনাই এখন গুলপীয়া ৰঙৰ শাৰী পিন্ধিছিল। ইয়াৰ লগেতে তেওঁ মঙ্গলসূত্ৰ, সেন্দু, ফুট, কাণফুলি, সকলো বোৰ প্ৰদৰ্শন কৰিছিল।
সম্পূৰ্ণ সাজত অভিনেত্ৰী গৰাকী যথেষ্ট সুন্দৰ লাগিছিল। কৰৱা চৌথৰ দিনা কেটৰিনাক তেওঁৰ শাহুৱে আশীৰ্বদ লয়। অনুৰাগী সকলে শাহু-বোৱাৰীৰ যুতিক বহু মৰম দিছে।