মাংস বিতৰ্কক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে ৰাজ্যৰ ৰাজনীতি । ইফালে কেবিনেট সিদ্ধান্তৰ পিছতে ৰাজ্যৰ হোটেলে হোটেলে চলিছে গো মাংসৰ বিৰুদ্ধে অভিযান । ইতিমধ্যে গুৱাহাটীত গো মাংসৰ বিৰুদ্ধে আৰম্ভ হৈছে বৃহৎ অভিযান । প্ৰশাসনে ছীল কৰিছে কেইবাখনো হোচেল । ইয়াৰ মাজতে গাহৰি মাংসক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
ৰাজহুৱা অনুষ্ঠান, হোটেল, ৰেষ্টুঁৰা আদিত গো মাংস নিষিদ্ধ কৰাৰ পিছতে উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি । কেবিনেটত লোৱা এই সিদ্ধান্তৰ পিছতে ৰাজ্যৰ একাংশ ৰাজনৈতিক নেতাই গাহৰি মাংসও নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে । ইয়াৰ পিছতে আজি গাহৰি মাংস নিষিদ্ধ কৰাৰ দাবীৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ষ
তেওঁ জনায় কয়, ‘ৰাজ্যত বন্ধ নহয় গাহৰি মাংস । গাহৰি মাংস বন্ধ কৰাৰ কোনো প্ৰশ্নই নাহে । গাহৰি মাংস বন্ধৰ বিপৰীতে উৎপাদনহে বৃদ্ধি কৰা হ’ব । গাহৰি পালনৰ বাবে চৰকাৰে ইখনৰ পিছত সিখন আঁচনি যুগুত কৰিছে । গাহৰি মাংস হৈছে অৰ্থনৈতিক বিকাশ । গাহৰি পালনৰ বাবে আগন্তুক বাজেটত আৰু অধিক পুঁজি আৱন্টন কৰা হ’ব ।’
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘কোনো ধৰ্মত গাহৰিক মা বুলি কৈ যোৱা নাই । গাহৰি যদি বন্ধ কৰিব লাগে ছাগলীও বন্ধ কৰিব লাগিব ।‘ লগতে ‘কোনো কাৰণতে গাহৰি মাংস উৎপাদন বন্ধ নহয়’ বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।