মন গ’লেই খাব নোৱাৰিব গাহৰিৰ মাংস! কিনা-বেচাত নিষেধাজ্ঞা

গাহৰিৰ মাংস কিনা-বেচাত নিষেধাজ্ঞা

-৭জিলাত নিষিদ্ধ হ’ল গাহৰি মাংস

-প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা

-বজাৰ-হাটত গাহৰি মাংস ক্ৰয়-বিক্ৰয়কলৈ এই নিৰ্দেশনা

-এইকেইখন জিলাত গাহৰি সৰবৰাহতো জাৰি কৰা হৈছে নিষেধাজ্ঞা

-কোন কোন জিলাৰ বাবে এই নিৰ্দেশঃ

ধেমাজি, কামৰূপ, লখিমপুৰ, শিৱসাগৰ,

-দৰং, যোৰহাট আৰু ডিব্ৰুগড়ত জাৰি কৰা হৈছে নিষেধাজ্ঞা

-গাহৰি আৰু গাহৰি মাংস বেচা-কিনাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে

-প্ৰশাসনৰ নিৰ্দেশ নমনাসকললৈ কঠোৰ শাস্তিৰ ঘোষণা

-আফ্ৰিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ ৰোধৰ বাবে কঠোৰ প্ৰশাসন

-পৰৱৰ্তী নিৰ্দেশনা নহালৈকে বাহাল থাকিব এই নিষেধাজ্ঞা

লগতে পঢ়ক : দিল্লী বিস্ফোৰণক লৈ আপত্তিজনক পোষ্ট দি আৰক্ষীৰ জালত ১৫জন

‘গাহৰি মাংস বন্ধ কৰাৰ কোনো প্ৰশ্নই নাহে’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

মাংস বিতৰ্কক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে ৰাজ্যৰ ৰাজনীতি । ইফালে কেবিনেট সিদ্ধান্তৰ পিছতে ৰাজ্যৰ হোটেলে হোটেলে চলিছে গো মাংসৰ বিৰুদ্ধে অভিযান । ইতিমধ্যে গুৱাহাটীত গো মাংসৰ বিৰুদ্ধে আৰম্ভ হৈছে বৃহৎ অভিযান । প্ৰশাসনে ছীল কৰিছে কেইবাখনো হোচেল । ইয়াৰ মাজতে গাহৰি মাংসক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ৰাজহুৱা অনুষ্ঠান, হোটেল, ৰেষ্টুঁৰা আদিত গো মাংস নিষিদ্ধ কৰাৰ পিছতে উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি । কেবিনেটত লোৱা এই সিদ্ধান্তৰ পিছতে ৰাজ্যৰ একাংশ ৰাজনৈতিক নেতাই গাহৰি মাংসও নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে । ইয়াৰ পিছতে আজি গাহৰি মাংস নিষিদ্ধ কৰাৰ দাবীৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ষ

তেওঁ জনায় কয়, ‘ৰাজ্যত বন্ধ নহয় গাহৰি মাংস । গাহৰি মাংস বন্ধ কৰাৰ কোনো প্ৰশ্নই নাহে । গাহৰি মাংস বন্ধৰ বিপৰীতে উৎপাদনহে বৃদ্ধি কৰা হ’ব । গাহৰি পালনৰ বাবে চৰকাৰে ইখনৰ পিছত সিখন আঁচনি যুগুত কৰিছে । গাহৰি মাংস হৈছে অৰ্থনৈতিক বিকাশ । গাহৰি পালনৰ বাবে আগন্তুক বাজেটত আৰু অধিক পুঁজি আৱন্টন কৰা হ’ব ।’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘কোনো ধৰ্মত গাহৰিক মা বুলি কৈ যোৱা নাই । গাহৰি যদি বন্ধ কৰিব লাগে ছাগলীও বন্ধ কৰিব লাগিব ।‘ লগতে ‘কোনো কাৰণতে গাহৰি মাংস  উৎপাদন বন্ধ নহয়’ বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।