আলু এনে এক পাচলি যাক সকলোৰে ঘৰত সহজে পোৱা যায়। আলু গোটেই বছৰজুৰি উপলব্ধ হয় আৰু আলুৰে যিকোনো খাদ্য তৈয়াৰ কৰা হয়। আলু খালে শৰীৰত শক্তি পোৱা যায়, হজম ভাল হয় আৰু উচ্চ ৰক্ত চাপো নিয়ন্ত্ৰণত থাকে। কিন্তু গজালি ওলোৱা আলু স্বাস্থ্যকৰ হয় নে? গজালি ওলোৱা আলু খোৱাৰ ফলত কি কি স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে জানি লওক–
গজালি ওলোৱা আলু খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । বিশেষজ্ঞৰ মতে গজালি ওলোৱা আলুয়ে চোলানিন আৰু কেকনিনৰ দৰে বিষাক্ত উপাদানৰ পৰিমাণ বৃদ্ধি কৰে, যি শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। ৰন্ধা-বঢ়াত গজালি ওলোৱা আলু বা সেউজীয়া আলু ব্যৱহাৰ নকৰাটো ভাল । গজালি ওলোৱা আলুৰ পুষ্টিকৰ মূল্য হ্ৰাস পায় । ইয়াৰ উপৰিও এনে আলুত গ্লাইক’এলকেলয়ড নামৰ কিছুমান বিষাক্ত যৌগও গঠন হয়, যাৰ ফলত খাদ্যত বিষক্ৰিয়া হয় । লগতে বিশেষজ্ঞই কয় যে গজালি ওলোৱা আলুত ছ’লানিনৰ মাত্ৰা বৃদ্ধি পায়, যিটো স্বাস্থ্যৰ বাবে ভাল নহয় ।আলুত প্ৰাকৃতিকভাৱে গ্লাইকোলকেলইড থাকে, যি আলুৰ গছজোপাক কীট পতঙ্গৰ পৰা সুৰক্ষিত কৰে। কিন্তু আলু গজালি ওলোৱা বা সেউজীয়া হোৱা আৰম্ভ হোৱাৰ লগে লগে, এই উপাদানবোৰৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। বিশেষজ্ঞসকলে কয় যে যদি আলুত গ্লাইকোলকেলইডৰ স্তৰ প্ৰতি ১০০ গ্ৰাম আলুত ২০ মিগ্ৰা অতিক্ৰম কৰে, তেনেহ’লে ই বিষাক্ত হ’ব পাৰে। এনে আলু সেৱন কৰিলে স্বাস্থ্য সম্পৰ্কীয় সমস্যা হ’ব পাৰে।
(এই বাতৰিটো কেৱল আপোনাক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে।এই বাতৰিটো কেৱল আপোনাক সজাগ কৰাৰ উদ্দেশ্যেৰে লিখা হৈছে । বাতৰিটো পঢ়ি নিশ্চিতভাৱে ইয়াক গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক ।)
–