শৰীৰটো সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যসন্মত জীৱনশৈলী আৰু খাদ্যাভ্যাস অতি প্ৰয়োজনীয় । সুস্থ শৰীৰৰ বাবে শৰীৰত প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান থকাটো অতি প্ৰয়োজনীয় । আমাৰ সামগ্ৰিক বিকাশত ভিটামিন, খনিজ পদাৰ্থ আৰু আন বহুতো পুষ্টিকৰ উপাদানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আৰু ইয়াৰে এটা হ’ল ভিটামিন বি ১২ ।
আপোনাৰ স্নায়ু সুস্থ কৰি ৰখা, মগজুৰ স্বাভাৱিক কাৰ্য্যক্ষমতা বজাই ৰখা আৰু ৰক্তকণিকা উৎপাদনৰ বাবে ভিটামিন বি ১২ অপৰিহাৰ্য । যদি আপুনিও ভিটামিন বি ১২ৰ অভাৱত ভুগি আছে, তেন্তে এইবোৰ বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি এই অভাৱ দূৰ কৰিব পাৰে ।
দৈ-
দৈ সেৱন স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি বিবেচিত হয় । দৈত ভিটামিন বি১২ প্ৰচুৰ পৰিমাণে পোৱা যায় । দৈনিক খাদ্যত এবাটি দৈ অন্তৰ্ভুক্ত কৰি ভিটামিন বি১২ৰ অভাৱ দূৰ কৰিব পাৰি ।
কণী-
আমি সকলোৱে জানো যে কণী প্ৰটিনৰ উত্তম উৎস । কিন্তু আপুনি জানেনে যে কণীত কেৱল প্ৰটিনেই নহয় ভিটামিন বি ১২ও ভাল পৰিমাণত পোৱা যায় । ভিটামিন বি১২ৰ অভাৱ দূৰ কৰিবলৈ আপুনি ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰত কণী অন্তৰ্ভুক্ত কৰিব পাৰে ।
মাছ-
যদি আপুনি নিৰামিষভোজী তেন্তে ভিটামিন বি১২ৰ অভাৱ দূৰ কৰিবলৈ মাছ এটা ভাল বিকল্প ।
পনীৰ-
যদি আপুনি ভিটামিন বি ১২ৰ অভাৱত ভুগি আছে আৰু পনীৰ খোৱাৰ প্ৰতি আকৰ্ষিত, তেন্তে আপুনি আপোনাৰ খাদ্য তালিকাত পনীৰ অন্তৰ্ভুক্ত কৰিব পাৰে ।
গাখীৰ-
গাখীৰক পুষ্টিৰ সম্পদ বুলি কোৱা হয় । প্ৰতিদিনে এগিলাচ গাখীৰ খোৱাৰ পৰামৰ্শ আমাৰ ঘৰৰ বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি ডাক্তৰলৈকে প্ৰায়ে সকলোৱে দিয়ে । কাৰণ গাখীৰক কেলচিয়ামৰ ভাল উৎস বুলি গণ্য কৰা হয় । কিন্তু আপুনি জানেনে যে ভিটামিন বি ১২ গাখীৰতো ভাল পৰিমাণত পোৱা যায় । হয়, আপুনি একেবাৰে ঠিকেই শুনিছে । গাখীৰ সেৱন কৰিলে ভিটামিন বি ১২ৰ অভাৱ দূৰ কৰিব পাৰি ।