টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰবীণ উদ্যোগপতি ৰতন টাটাৰ বুধবাৰে নিশা মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয় । ৮৬ বছৰীয়া ৰতন টাটাৰ মৃতদেহ আজি দক্ষিণ মুম্বাইৰ নেশ্যনেল চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছ (এন চি পি এ)ত ৰখা হ’ব । য’ত গুণমুগ্ধই দানবীৰগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব আৰু তাৰ পিছত ষথা ৰীতিৰে তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হ’ব । ভাৰত চৰকাৰৰ হৈ তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব গৃহমন্ত্ৰী অমিত শ্বাহে ।
ৰতন টাটাৰ মৃত্যুত উদ্যোগৰ পৰা ৰাজনীতি আৰু চলচ্চিত্ৰ জগতলৈকে সকলো লোকে শোক প্ৰকাশ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁক এজন দূৰদৰ্শী ব্যৱসায়ীক নেতা আৰু এজন অসাধাৰণ ব্যক্তি বুলি অভিহিত কৰিছে ।
ৰতন টাটাৰ মৃত্যুৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে নোয়েল টাটাৰ সৈতেও বাৰ্তালাপ কৰি শোক প্ৰকাশ কৰে । প্ৰবীণ উদ্যোগপতি ৰতন টাটাৰ সৈতে তেওঁৰ পুৰণি সম্পৰ্কৰ কথা স্মৰণ কৰি মোদীয়ে কয় যে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে তেওঁক প্ৰায়ে লগ কৰিছিল ।
প্ৰধানমন্ত্ৰীৰ পোষ্ট-
‘এক্স’ ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ৰতন টাটা জীৰ আটাইতকৈ অনন্য দিশটো আছিল তেওঁৰ ডাঙৰ সপোন দেখা আৰু আনক কিবা এটা দিয়াৰ আবেগ । শিক্ষা, স্বাস্থ্যসেৱা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পশু কল্যাণ আদি বিষয়ৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁ আগৰণুৱা আছিল । ভাৰতৰ অন্যতম পুৰণি আৰু প্ৰতিষ্ঠিত ব্যৱসায়িক ঘৰ টাটা গ্ৰুপক ৰতন টাটাই অবিৰত নেতৃত্ব প্ৰদান কৰিছিল । তেওঁৰ নম্ৰতা, দয়া আৰু আমাৰ সমাজৰ উন্নতিৰ বাবে অটল দায়বদ্ধতাৰ বাবে তেওঁ বহুতৰে প্ৰিয় আছিল ।’
তেওঁ কয়, ‘আগতে আমি বিভিন্ন বিষয়ত মত বিনিময় কৰিছিলোঁ । তেওঁৰ দৃষ্টিভংগী মই বৰ অৰ্থপূৰ্ণ পাইছিলোঁ । দিল্লীলৈ অহাৰ পাছতো এই কথা-বতৰা চলি থাকিল । তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো । এই শোকৰ সময়ত তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুৰাগীলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো ।‘