উমৰাংছুৰ কয়লাখনিত আৱদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰৰ বাবে চলি আছে অভিযান । ইতিমধ্যে খনিটোত আৱদ্ধ হৈ থকা তিনিজন শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । এতিয়াও খনিটোত আৱদ্ধ হৈ আছে আন কেইবাজনো শ্ৰমিক । এই দুৰ্ভাগ্যজনক ঘটনাই কঁপাই গৈছে সমগ্ৰ অসম । ঘটনাক লৈ অসম আৰক্ষীৰ লগতে তৎপৰ হৈ পৰিছে উদ্ধাৰকাৰীৰ দল ।
ইফালে শ্ৰমিক আৱদ্ধ হৈ থকা খনিৰ ভিতৰত হোৰাহোৰে বাঢ়িছে পানী । ১২০ ফুট পৰ্যন্ত বৃদ্ধি পাইছে এই পানী । বিশেষজ্ঞ ডুবাৰুৰ দ্বাৰা চলাই থকা হৈছে অভিযান । মেছিনেৰে সিঁচিও শেষ কৰিব পৰা নাই পানী । বৰ্তমানেও প্ৰায় ১৫ জনতকৈ অধিক শ্ৰমিক আৱদ্ধ হৈ থকাৰ সন্দেহ । ইতিমধ্যে মৃত্যুমুখত পৰিছে ৩জনকৈ শ্ৰমিক । মৃত্যু হোৱা দুৰ্ভগীয়া শ্ৰমিকৰ ঘৰত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে । ইতিমধ্যে বিশাখাপট্টনমৰ পৰা আহি উপস্থিত হৈছে নৌ-সেনাৰ বিশেষজ্ঞ ডুবাৰু ।
আনহাতে উমৰাংছ’ত চলি থকা খনন অবৈধ আখ্যা মুখ্যমন্ত্ৰীৰ । অবৈধ খনন কাৰ্যৰে জড়িত পুনিছ নুনিছাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আৱদ্ধ শ্ৰমিকৰ ঘটনা সন্দৰ্ভত উমৰাংছ’ পুলিচ ষ্টেশ্যনত ৰুজু কৰা হৈছিল গোচৰ । পুনিছ নুনিছাক গ্ৰেপ্তাৰৰ কথা সামাজিক মাধ্যমত প্ৰকাশ মুখ্যমন্ত্ৰীৰ । আৰক্ষীয়ে ঘটনাৰ তদন্তৰ বাবে ১৯৫৭ৰ অধীনত ৰুজু কৰে গোচৰ । ৩(৫)/১০৫ বিএনএছ, আৰ/ডব্লিউ ধাৰা ২১(১)ত গোচৰ ৰুজু ।
উল্লেখ্য যে, ডিমা হাছাও জিলাৰ উমৰাংছ’ অঞ্চলত ৬ জানুৱাৰী, সোমবাৰে ৩০০ ফুট দ কয়লা খনিত পানী প্ৰৱেশ কৰাত আৱদ্ধ হৈ পৰে এই শ্ৰমিকসকল । বিষয়াসকলৰ মতে, খনিটোত হঠাৎ পানী প্ৰৱেশ কৰাৰত তেওঁলোকে ওলাই আহিবলৈ সময় নাপায়, ফলত শ্ৰমিকসকল মাটিৰ তলত আবদ্ধ হৈ পৰে ।