বুধবাৰে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু জো বাইডেনৰ মাজত দুঘণ্টীয়া বৈঠক অনুষ্ঠিত হয় । বৈঠকৰ অন্তত হোৱাইট হাউছে এক বিবৃতি প্ৰকাশ কৰি কয় যে আমেৰিকাৰ ক্ষমতা হস্তান্তৰ শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ হ’ব ।

হোয়াইট হাউছৰ প্ৰেছ সচিব কেৰিন জিন পিয়েৰে সাংবাদিকৰ আগত কয় যে ৰাষ্ট্ৰপতি বাইডেনে ড’নাল্ড ট্ৰাম্পৰ সৈতে অ’ভেল অফিচত প্ৰায় দুঘণ্টা ধৰি বৈঠকত বহে । হোৱাইট হাউছৰ চীফ অফ ষ্টাফ জেফ জিয়েণ্টছ আৰু আগন্তুক চীফ অফ ষ্টাফ চুজি উইলছেও এই বৈঠকত অংশগ্ৰহণ কৰে বুলিও তেওঁ কয় ।
নীতিগত বিষয়সমূহৰ ওপৰত আলোচনা-
পিয়েৰে কয় যে তেওঁলোকে দেশ আৰু বিশ্বই সন্মুখীন হোৱা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ঘৰুৱা নীতিৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰে । ৰাষ্ট্ৰপতি বাইডেনে কংগ্ৰেছৰ কৰিব লগা তালিকাৰ পৰা গুৰুত্বপূৰ্ণ বিষয়বোৰ উত্থাপন কৰিছিল, যাৰ ভিতৰত আছে চৰকাৰক পুঁজি যোগান ধৰা আৰু ৰাষ্ট্ৰপতিৰ অনুৰোধ অনুসৰি জৰুৰীকালীন সাহায্য পুঁজি প্ৰদান কৰা ।
তেওঁ কয় যে অৱশেষত, ৰাষ্ট্ৰপতিয়ে নিৰ্বাচনৰ পিছদিনা নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ট্ৰাম্পক কোৱা কথা আৰু যোৱা সপ্তাহত ৰোজ গাৰ্ডেনত আমেৰিকান লোকসকলক কোৱা কথাবোৰ পুনৰাবৃত্তি কৰে যে আমি শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ কৰিম আৰু ক্ষমতা হস্তান্তৰ শান্তিপূৰ্ণ হ’ব ।
এটা প্ৰশ্নৰ উত্তৰত জিন পিয়েৰে কয় যে বাইডেন প্ৰশাসনে আগবাঢ়ি যোৱাৰ মনস্থ কৰিছে । আমি ৰাইজৰ ইচ্ছাক সন্মান কৰো । আপোনালোকে জানে যে যোৱা সপ্তাহত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু আমেৰিকাৰ জনসাধাৰণে নিজৰ মতামত দিছিল । গতিকে ৰাষ্ট্ৰপতিয়ে নিশ্চিত কৰিব যে আমি এই প্ৰক্ৰিয়াত সন্মানজনকভাৱে আগবাঢ়ি যাওঁ আৰু আমেৰিকাৰ জনসাধাৰণৰ বাবে আদৰ্শ দাঙি ধৰিম ।