যদি বিজেপিয়ে ঝাৰখণ্ডত চৰকাৰ গঠন কৰে, তেন্তে ৰাজ্যখনত ইউনিফৰ্ম চিভিল কোড (UCC) কাৰ্যকৰী কৰা হ’ব বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । অৱশ্যে, জনজাতীয় লোকসকলক ইউ চি চিৰ আওতাৰ পৰা বাদ দিয়া হ’ব বুলি কয় তেওঁ ।
শ্বাহে ঘোষণা কৰে যে যিসকলে ঘৰ এৰিবলৈ বাধ্য হৈছে তেওঁলোকৰ বাবে এখন উচ্ছেদ আয়োগ গঠন কৰা হ’ব । তেওঁ কয় যে ইয়াৰ জৰিয়তে উদ্যোগ আৰু খননৰ ফলত স্থানচ্যুত হোৱা লোকসকলৰ বসতি স্থাপনৰ ব্যৱস্থা নিশ্চিত কৰা হ’ব ।
অমিত শ্বাহে কয়,”আমাৰ চৰকাৰে ৰাজ্যখনত ইউনিফৰ্ম চিভিল কোড আনিব, কিন্তু জনজাতীয় লোকসকলক ইয়াৰ পৰা বাদ দিয়া হ’ব । হেমন্ত ছোৰেন আৰু জে এম এম চৰকাৰে ইউ চি চিৰ বিষয়ে মিছা কথা প্ৰচাৰ কৰি আছে যে ই জনজাতীয় লোকসকলৰ অধিকাৰ, সংস্কৃতিক প্ৰভাৱিত কৰিব, যিটো সম্পূৰ্ণ ভিত্তিহীন । জনজাতীয় লোকসকল সম্পূৰ্ণৰূপে ইয়াৰ আওঁতাৰ বাহিৰত থাকিব ।”
শ্বাহে প্ৰতিশ্ৰুতি দিছিল যে যদি বিজেপিয়ে ঝাৰখণ্ডত চৰকাৰ গঠন কৰে, তেন্তে তেওঁ চাৰ্ণা ধৰ্মীয় সংহিতাৰ বিষয়টোও বিবেচনা কৰিব আৰু ইয়াৰ ওপৰত প্ৰয়োজনীয় সিদ্ধান্ত লোৱা হ’ব । শ্বাহে কয় যে বিজেপিয়ে ক্ষমতালৈ আহিলে ৫ লাখ চাকৰি সৃষ্টি কৰিব । ইয়াৰে ২.৮৭ লাখ চৰকাৰী চাকৰি থাকিব ।