আজি কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠঠিত কৰা অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হয় । ২০২৪ চনৰ ইউ পি এছ চি অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষ স্থান দখল কৰি শক্তি ডুবেই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে । আজি প্ৰকাশ পোৱা ইউ পি এছ চি চি এছ ই পৰীক্ষাৰ ফলাফলত শক্তি ডুবেই সৰ্বভাৰতীয় ৰেংক ১ লাভ কৰিছে ।
শক্তি ডুবে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ বাসিন্দা । প্ৰয়াগৰাজৰ পৰাই স্কুল-কলেজীয়া শিক্ষা সমাপ্ত কৰে তেওঁ । শক্তিয়ে এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে । তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰে । ২০১৬ চনত স্নাতকোত্তৰ সম্পূৰ্ণ কৰা শক্তিয়ে ২০১৮ চনৰ পৰা অসামৰিক সেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে ।
বিজ্ঞানৰ পৰা অসামৰিক সেৱালৈ যাত্ৰা-
কেন্দ্রীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষা ২০২৪ত প্রথম স্থান দখল কৰা শক্তি ডুবেই প্রমাণ কৰিছে যে কঠোৰ পৰিশ্ৰম আৰু দৃঢ় ইচ্ছাশক্তিৰে যিকোনো লক্ষ্যত উপনীত হ’ব পৰা যায় । তেওঁৰ শৈক্ষিক যাত্ৰা বিজ্ঞান ক্ষেত্ৰৰ পৰা আৰম্ভ হৈ দেশৰ সন্মানীয় পৰীক্ষাৰ শীৰ্ষত উপনীত হয় ।
২০১৮ চনৰ পৰা আৰম্ভ হৈছিল প্ৰস্তুতি-
শক্তি ডুবেই এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি কৰিছিল, তাৰ পিছত ২০১৬ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । পঢ়াৰ সময়ত প্ৰশাসনিক সেৱাত যোগদান কৰাৰ সপোন দেখিছিল আৰু ২০১৮ চনৰ পৰা ইউ পি এছ চিৰ প্ৰস্তুতিৰ কামত সম্পূৰ্ণৰূপে জড়িত হৈ পৰে তেওঁ ।
তেওঁৰ ঐচ্ছিক বিষয়-
উল্লেখ্য যে বিজ্ঞানৰ ছাত্ৰী হোৱাৰ পিছতো শক্তি ডুবেই ইউ পি এছ চি পৰীক্ষাৰ বাবে ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ দৰে বিষয়ক ঐচ্ছিক বিষয় হিচাপে বাছি লৈছিল । ইউ পি এছ চি পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতে তেওঁৰ পৰিয়ালত আনন্দৰ জোৱাৰ উঠিছে ।