কেৱল ভাৰতেই নহয় বিশ্বৰ কিংবদন্তি ব্যৱসায়ী তথা উদ্যোগপতি ৰতন টাটা আৰু আমাৰ মাজত নাই । বুধবাৰে নিশা ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ উদ্যোগপতি তথা ব্যৱসায়ীগৰাকীয়ে । কিছুদিন অসুস্থ হৈ থকা টাটা মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছিল । ৰতন টাটাৰ মৃত্যুত শোকস্তদ্ধ দেশবাসী । তেওঁক হেৰুৱাই দুখত ভাগি পৰিছে অনুৰাগীয়ে । ইয়াৰ মাজতে এতিয়া সকলোৰে মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে ৰতন টাটাৰ পৰৱৰ্তী উত্তৰাধিকাৰী কোন হ’ব । তেওঁৰ ৩৮০০ কোটি টকাৰ সম্পত্তি কোনে উত্তৰাধিকাৰী হিচাপে লাভ কৰিব ?
কোন হ’ব উত্তৰসূৰী-
ৰতন টাটাৰ উত্তৰাধিকাৰ কেৱল নেতৃত্বৰ কথাই নহয়, ই টাটা গ্ৰুপৰ সমাজ সংস্কাৰ প্ৰকল্প আৰু ব্যৱসায়িক ঐতিহ্যক আগুৱাই নিয়াৰ প্ৰশ্ন ।
২০১২ চনত ৰতন টাটাই অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল যদিও টাটা চনছ, টাটা ইণ্ডাষ্ট্ৰীজ, টাটা মটৰ্ছ, টাটা ষ্টীল আৰু টাটা কেমিকেলছৰ অধ্যক্ষ এমেৰিটাছ হৈয়ে আছিল । তদুপৰি ভাৰতৰ দান-বৰঙণিৰ অগ্ৰণী প্ৰতিষ্ঠান টাটা ট্ৰাষ্টৰ কাম-কাজৰ নেতৃত্ব অব্যাহত ৰাখিছিল তেওঁ ।
সম্ভাৱ্য উত্তৰসূৰী :
গোটটোৰ উদীয়মান নেতাৰ ভিতৰত আছে নোৱেল নোভাল টাটাৰ তিনি সন্তান – লিয়া, মায়া আৰু নেভিল । তেওঁলোক সকলোৱে টাটা গ্ৰুপত নিজৰ ভূমিকা পালন কৰি আছে, পেছাদাৰীৰ দৰে বিভিন্ন পদবীলৈ উন্নীত হৈছে ।
নোৱেল টাটা :
ৰতন টাটাৰ সম্পৰ্কীয় ভাতৃ নোৱেল টাটাক টাটা গ্ৰুপৰ সম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে বিবেচনা কৰা হৈছে । টাইটানকে ধৰি বহু টাটা কোম্পানীৰ ব’ৰ্ড মেম্বাৰ তেওঁ । উল্লেখ্য যে, অবিবাহিত হৈ ৰোৱাৰ বাবে ৰতন টাটাৰ কোন সতি-সন্ততি নাছিল । এনে পৰিস্থিতিত নোৱেল টাটা ৰতন টাটাৰ উত্তৰাধিকাৰী হিচাপে বিবেচিত হৈছে ।
লিয়া টাটা :
লিয়া টাটা হৈছে নোৱেল নোভাল টাটাৰ জ্যেষ্ঠ সন্তান । স্পেইনৰ মাদ্ৰিদৰ আই ই বিজনেছ স্কুলৰ পৰা মাৰ্কেটিংত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে তেওঁ । ২০০৬ চনত টাটা গ্ৰুপৰ সৈতে তাজ হোটেল ৰিজ’ৰ্টছ এণ্ড পেলেছৰ সহকাৰী বিপণন পৰিচালক হিচাপে যাত্ৰা আৰম্ভ কৰিছিল আৰু এতিয়া ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেড (আই এইচ চি এল)ৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে লিয়াই ।
মায়া টাটা :
নোৱেল টাটাৰ কনিষ্ঠ কন্যা মায়া টাটাই টাটা কেপিটেলত বিশ্লেষক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰাৰ বিপৰীতে ভাতৃ নেভিল টাটাই তেওঁলোকৰ পিতৃয়ে প্ৰতিষ্ঠা কৰা অগ্ৰণী ৰিটেইল শৃংখল ট্ৰেণ্টত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ।
নেভিল টাটা :
টাটা গ্ৰুপৰ ৰিটেইল শাখাত সক্ৰিয় নেভিল টাটাই বৰ্তমান ষ্টাৰ বজাৰৰ নেতৃত্ব দি আছে । নেভিলৰ বিবাহ টয়োটা কিৰ্লোস্কাৰ গ্ৰুপৰ উত্তৰাধিকাৰী মানছি কিৰলস্কাৰৰ সৈতে হৈছে ।
বৰ্তমান টাটা গ্ৰুপৰ দায়িত্ব কোনে লৈ আছে ?
ৰতন টাটাৰ অৱসৰৰ পিছত টাটা গ্ৰুপৰ কমাণ্ড এন চন্দ্ৰশেকৰণৰ হাতত আছে । ২০১৭ চনত তেওঁ টাটা চনছৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে এন চন্দ্ৰশেকৰণে টাটা কনছালটেন্সি চাৰ্ভিচেছ (টি চি এছ)ৰ চিইঅ’ আৰু মেনেজিং ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ।