ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ছিজনৰ ষষ্ঠখন মেচ বুধবাৰে (২৬ মাৰ্চ) ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ মাজত অনুষ্ঠিত হয় । গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত খেলা এই মেচখনত কে কে আৰে ৮ উইকেটত জয়লাভ কৰে ।
ইয়াৰ লগে লগে অজিংক্য ৰাহানেৰ অধিনায়কত্বত থকা কে কে আৰ দলটোৱে এই আই পি এল ছিজনত জয়ৰ একাউণ্ট মুকলি কৰিছে । এইখন দলটোৰ দ্বিতীয়খন মেচ । প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত ৭ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল কলকাতা ।
এই ছিজনত ৰাজস্থান দলৰ এয়া একেৰাহে দ্বিতীয়টো পৰাজয় । দলটোৱে ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিছিল, য’ত ৪৪ ৰানত পৰাজয়ৰ সন্মুখীন হৈছিল । উল্লেখ্য যে প্ৰথম তিনিখন মেচত সঞ্জু চেমচনৰ সলনি ৰাজস্থান দলৰ কমাণ্ড ৰিয়ান পৰাগৰ হাতত আছে ।
ডি ককৰ অপৰাজিত মেচ বিজয়ী ৯৭ ৰান-
টছত পৰাস্ত হৈ মেচখনত প্ৰথমে বেটিং কৰাৰ পিছত ৰাজস্থান দলে ১৫২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ উত্তৰত কে কে আৰে ২টা উইকেট হেৰুৱাই ১৭.৩ অভাৰত ১৫৩ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে । মেচখনত কে কে আৰৰ অ’পেনাৰ কুইণ্টন ডি ককে ৩৬টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে ।
ইয়াৰ পিছতে মেচখনত ডি ককে ৬১টা বলত অপৰাজিত ৯৭ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত তেওঁ ৬টা ছয় আৰু ৮টা চাৰিটা কোবাই । অধিনায়ক ৰাহানেই ১৮ ৰান সংগ্ৰহ কৰে । আনহাতে ইমপেক্ট প্লেয়াৰ অংকৃশ ৰঘুবংশীয়ে অপৰাজিত ২২ ৰান সংগ্ৰহ কৰে । ৰাজস্থানৰ হৈ বলাৰসকলে বিশেষ প্ৰদৰ্শনত ব্যৰ্থ হয় । মাত্ৰ ৱানিন্দু হাছাৰংগাইহে লাভ কৰে ১টা সফলতা ।
সংগ্ৰামৰ মাজতে ৰাজস্থানে এই স্ক’ৰ কৰে-
মেচখনত ৰাজস্থানে ৯টা উইকেট হেৰুৱাই ১৫১ ৰান সংগ্ৰহ কৰে । দলটোৰ হৈ উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলে ২৮টা বলত ৩৩ ৰানৰ ইনিংছ খেলে । আনহাতে যশস্বী জয়ছোৱালে ২৪টা বলত ২৯ ৰান সংগ্ৰহ কৰে । অধিনায়ক ৰিয়ান পৰাগে ১৫টা বলত ২৫ ৰান সংগ্ৰহ কৰে । কে কে আৰ দলৰ হৈ বৈভৱ অৰোৰা, হৰ্ষিত ৰাণা, ময়েন আলী আৰু বৰুণ চক্ৰৱৰ্তীয়ে ২-২কৈ উইকেট দখল কৰে ।