আৰু কেইটামান দিনৰ পিছতেই আমাৰ মাজৰ পৰা বিদায় মাগিব ২০২৪ বৰ্ষটোৱে । এই বছৰটো টিম ইণ্ডিয়া আৰু অনুৰাগীসকলৰ বাবে উৎসাহজনক তথা আনন্দৰে ভৰা আছিল । ২০২৪ বৰ্ষত ভাৰতীয় দলটোৱে ১১ বছৰৰ পাছত আই চি চিৰ ট্ৰফী জয়ৰ খৰাং পৰিস্থিতিৰ অন্ত পেলাইছিল । ইয়াৰ উপৰিও ২০২৪ চনত টিম ইণ্ডিয়াই বহু ডাঙৰ সফলতা লাভ কৰিছিল । এই বছৰটো টি-২০ ইণ্টাৰনেশ্যনেলত মেন ইন ব্লুৰ অভিলেখ অতি ভাল আছিল ।
২০২৪ চনত ভাৰতীয় দলটোৱে কোনো টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাত পৰাস্ত হোৱা নাছিল । সমগ্ৰ বছৰটোত ভাৰতে এই ফৰ্মেটত মাত্ৰ ২ খন মেচত পৰাস্ত হৈছিল, যিটো সঁচাকৈয়ে প্ৰশংসনীয় । বছৰটোত দলটোৱে মুঠ ২৬খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ২৪খন জয়লাভ কৰি মাত্ৰ ২খন খেলত পৰাস্ত হয় ।
আফগানিস্তানক ক্লীন ছুইপৰ পৰা আৰম্ভ হৈছিল-
চলিত বৰ্ষৰ আৰম্ভণিতে আফগানিস্তানক ৩-০ ব্যৱধানত পৰাস্ত কৰিছিল টিম ইণ্ডিয়াই । শৃংখলাৰ প্ৰথম দুখন মেচ অতি ৰোমাঞ্চকৰ আছিল, যাৰ ফলাফল শেষৰ বলত আহিছিল । ছিৰিজৰ তৃতীয়খন মেচ টাই হৈছিল আৰু ইয়াৰ ফলাফল ২টা ছুপাৰ অভাৰৰ অন্তত ওলাইছিল ।
২০২৪ চনৰ টি-২০ বিশ্বকাপৰ খিতাপ জয়-
জুন মাহত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ ২০২৪ৰ খিতাপ দখল কৰিছিল ভাৰতীয় দলটোৱে । প্ৰতিযোগিতাখনত কোনো মেচত পৰাস্ত নোহোৱাকৈয়ে খিতাপ দখল কৰে ৰোহিত শৰ্মা নেতৃত্বাধীন টিম ইণ্ডিয়াই । কিন্তু বৰষুণৰ বাবে কানাডাৰ বিৰুদ্ধে খেলখন বাতিল কৰা হৈছিল ।
জিম্বাবুৱেক পৰাস্ত কৰে-
টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰাৰ পাছত টিম ইণ্ডিয়াই ৫খনীয়া মেচৰ টি-২০ শৃংখলাত জিম্বাবুৱেক ৪-১ ব্যৱধানত পৰাস্ত কৰে । এই ভ্ৰমণত শুভমন গীলে টিম ইণ্ডিয়াৰ অধিনায়কত্ব গ্ৰহণ কৰিছিল ।
শ্ৰীলংকাক ক্লীন ছুইপ-
শ্ৰীলংকা ভ্ৰমণৰ সময়ত সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত ৩ খনীয়া মেচৰ টি-২০ শৃংখলাত ভাৰতীয় দলটোৱে ৩-০ ব্যৱধানত জয়লাভ কৰে ।
বাংলাদেশক ক্লীন ছুইপ-
টি-২০ ছিৰিজত শ্ৰীলংকাক ক্লীন ছুইপ কৰাৰ পিছত ঘৰুৱা মাটিত বাংলাদেশৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ টি-২০ ছিৰিজ খেলিছিল টিম ইণ্ডিয়াই । এই শৃংখলাত টিম ইণ্ডিয়াই বাংলাদেশক ৩-০ ব্যৱধানত ক্লীন ছুইপ কৰে ।
অন্তিম টি-২০ শৃংখলাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়-
ভাৰতীয় দলটোৱে ২০২৪ চনৰ শেষৰখন টি-২০ শৃংখলা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিছিল । এই শৃংখলাত দুয়োটা দলৰ মাজত ৪ খন মেচ অনুষ্ঠিত হৈছিল । ভাৰতীয় দলটোৱে ৩-১ ব্যৱধানত এই শৃংখলা হস্তগত কৰে ।