সোমবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্বৰ বিষয়ত তথ্য প্ৰদানৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক চাৰি সপ্তাহৰ সময় প্ৰদান কৰে । অভিযোগ উত্থাপন হৈছে যে ৰাহুল গান্ধীৰ ব্ৰিটিছ নাগৰিকত্ব আছে আৰু এই প্ৰশ্নটো বহু বছৰ ধৰি চৰ্চা চলি আহিছে । এই বিষয়ত পি আই এল দাখিল কৰা হৈছে । এই গোচৰৰ পৰৱৰ্তী শুনানি ২১ এপ্ৰিলত উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব । ন্যায়াধীশ এ আৰ মাছুদী আৰু ন্যায়াধীশ অজয় কুমাৰ শ্ৰীবাস্তৱ-আইৰ এখন বিভাগীয় বিচাৰপীঠে কৰ্ণাটকৰ সমাজ কৰ্মী এছ বিগনেশ শিশিৰৰ আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিয়ে ।
ৰাহুল গান্ধীৰ কথিত ব্ৰিটিছ নাগৰিকত্বৰ গোচৰৰ চি বি আইৰ তদন্তৰো দাবী জনাইছিল আবেদনকাৰীয়ে । ইয়াৰ পূৰ্বে আদালতে ৰাহুল গান্ধীৰ নাগৰিকত্ব গোচৰত গ্ৰহণ কৰা ব্যৱস্থাৰ সবিশেষ দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক ২৪ মাৰ্চলৈকে সময় দিছিল । ইয়াৰ পূৰ্বে আদালতে কেন্দ্ৰক প্ৰশ্ন কৰিছিল যে আবেদনকাৰীৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
২৯ এপ্ৰিলত জোৱানৰ ওপৰত মন্তব্যৰ বিষয়ৰ শুনানি-
ভাৰত জোড়ো যাত্ৰাৰ সময়ত জোৱানৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত অভিযুক্ত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীক আদালতত হাজিৰ কৰে তেওঁৰ অধিবক্তাই । সাংসদ-বিধায়ক আদালতৰ বিশেষ এ চি জে এম আলোক বাৰ্মাই এই গোচৰৰ পৰৱৰ্তী শুনানিৰ বাবে ২৯ এপ্ৰিল নিৰ্ধাৰণ কৰিছে ।