ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ স্বেচ্ছামূলক অৱসৰ সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগৰ (DoP&PW) কাৰ্যালয়ৰ স্মাৰকপত্ৰ অনুসৰি ২০ বছৰীয়া নিয়মীয়া সেৱা সম্পূৰ্ণ কৰা কৰ্মচাৰীয়ে নিযুক্তি কৰ্তৃপক্ষক তিনি মাহৰ জাননী দি স্বেচ্ছামূলক অৱসৰৰ বাবে আবেদন কৰিব পাৰিব।
এই কাৰ্যালয়ৰ স্মাৰক পত্ৰখন ২০২৪ চনৰ ১১ অক্টোবৰত জাৰি কৰা হৈছিল। নতুন নিয়ম অনুসৰি যদি কোনো কৰ্মচাৰীয়ে ২০ বছৰ সেৱা সম্পূৰ্ণ কৰিছে তেন্তে তেওঁ স্বেচ্ছামূলক অৱসৰৰ বাবে আবেদন কৰিব পাৰে। যদিহে নিযুক্তি কৰ্তৃপক্ষই আবেদন নাকচ নকৰে তেন্তে জাননীৰ সময়সীমা শেষ হোৱাৰ লগে লগে অৱসৰ কাৰ্যকৰী হ’ব।
যদি কোনো কেন্দ্ৰীয় কৰ্মচাৰীয়ে তিনিমাহতকৈ কম সময়ৰ জাননীৰ সময়সীমাত অৱসৰ ল’ব বিচাৰে তেন্তে তেওঁ লিখিতভাৱে ইয়াৰ বাবে অনুৰোধ কৰিব লাগিব। এই অনুৰোধ বিবেচনা কৰি নিযুক্তি কৰ্তৃপক্ষই জাননীৰ সময়সীমা হ্ৰাস কৰিব পাৰে। এবাৰ স্বেচ্ছামূলক অৱসৰৰ জাননী দিয়া কেন্দ্ৰীয় কৰ্মচাৰীয়ে কৰ্তৃপক্ষৰ অনুমোদন অবিহনে প্ৰত্যাহাৰ কৰিব নোৱাৰে। যদি তেওঁলোকে ইয়াক প্ৰত্যাহাৰ কৰিব বিচাৰে তেন্তে অৱসৰৰ অনুমোদন বিচৰা দিনটোৰ ১৫ দিনৰ আগতে আবেদন কৰিব লাগিব।
DoP&PW কাৰ্যালয়ৰ স্মাৰকপত্ৰ অনুসৰি অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে PFRDA Rules 2015 ৰ অধীনত সকলো সুবিধা লাভ কৰিব।তেওঁলোকে অৱসৰৰ সময়ত নিয়মীয়া চৰকাৰী কৰ্মচাৰীক দিয়া সুবিধাসমূহ লাভ কৰিব। যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে অৱসৰৰ দিনটোত ব্যক্তিগত পেঞ্চন একাউণ্টৰ সৈতে চলি থাকিব বিচাৰে বা এন পি এছৰ অধীনত সুবিধাসমূহ পিছুৱাই দিব বিচাৰে তেন্তে তেওঁ PFRDAৰ নিয়মৰ অধীনত এই বিকল্প বাছি ল’ব পাৰে।
পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগৰ মতে, যদি কোনো কৰ্মচাৰীয়ে বিশেষ স্বেচ্ছামূলক অৱসৰ আঁচনিৰ অধীনত উদ্বৃত্ত কৰ্মচাৰী হিচাপে অৱসৰ লয়, তেন্তে তেওঁলোকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব। লগতে চৰকাৰী সেৱাৰ পৰা অৱসৰ লোৱাৰ পিছত যদি কোনো কৰ্মচাৰীয়ে ৰাজহুৱা খণ্ডৰ উদ্যোগ বা স্বায়ত্তশাসিত সংস্থাত নিয়োজিত হয়, তেন্তে তেওঁৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব।