চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভালখবৰ; অষ্টম দৰমহা আয়োগক অনুমোদন কেবিনেটৰ

বছৰৰ আৰম্ভণিতেই কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ কৰ্মচাৰীসকলক এটা ডাঙৰ উপহাৰ দিছে।চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অষ্টম দৰমহা আয়োগৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল আৰু অৱশেষত চৰকাৰে ইয়াত অনুমোদন প্ৰদান কৰিছে।কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই তথ্য প্ৰদান কৰিছিল।

ইয়াৰ বাবে শীঘ্ৰেই এখন সমিতি গঠন কৰা হ’ব, আৰু অষ্টম দৰমহা আয়োগ স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু ইয়াৰ বাবে অনুমোদন জনোৱা হয়।

কেন্দ্ৰীয় কৰ্মচাৰী সংগঠনসমূহে অষ্টম দৰমহা আয়োগ গঠনৰ দাবীত কেবিনেট সচিবৰ সৈতে সাক্ষাৎ কৰিছিল আৰু এই সংগঠনবোৰে অষ্টম দৰমহা আয়োগ স্থাপনৰ বাবে চৰকাৰক নিৰন্তৰ হেঁচা প্ৰয়োগ কৰি আহিছিল।

দেশত সপ্তম দৰমহা আয়োগ ১ জানুৱাৰী, ২০১৬-ৰ পৰা কাৰ্যকৰী কৰা হৈছিল। ই প্ৰায় ১০ নিযুত লোকক উপকৃত কৰিছিল।

যিহেতু দৰমহা আয়োগ প্ৰতি ১০ বছৰত কাৰ্যকৰী কৰা হয়, এতিয়া আশা কৰা হৈছে যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে ১ জানুৱাৰী, ২০২৬-ৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰিব। এইটোৱে নিম্নতম মজুৰি আৰু পেঞ্চনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কাৰ্যকালত ২৮ ফেব্ৰুৱাৰী, ২০১৪ তাৰিখে সপ্তম দৰমহা আয়োগ গঠন কৰা হৈছিল।

প্ৰায় ডেৰ বছৰ পিছত সপ্তম দৰমহা আয়োগে ইয়াৰ পৰামৰ্শসমূহ ২০১৫ চনৰ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিছিল।

পৰৱৰ্তী সময়ত, সপ্তম দৰমহা আয়োগৰ পৰামৰ্শবোৰ ১ জানুৱাৰী, ১০১৬-ৰ পৰা কাৰ্যকৰী কৰা হৈছিল, আৰু এতিয়াও কাৰ্যকৰী হৈ আছে।

দেশত শীঘ্ৰে আহিব এক দেশ, এক নিৰ্বাচন; মোদী কেবিনেটৰ মঞ্জুৰী

বৃহস্পতিবাৰে কেবিনেট বৈঠকত মোডী চৰকাৰে এক দেশ এক নিৰ্বাচনত  অনুমোদন জনাইছে।এতিয়া চৰকাৰে এই বিধেয়কখন সদনৰ মজিয়াত ৰাখিব পাৰে। এই বিধেয়কখন অহা সপ্তাহত শীতকালীন অধিৱেশনত উত্থাপন কৰাৰ সম্ভাৱনা আছে।

প্ৰথমে, জেপিচি সমিতি গঠন কৰা হ’ব আৰু সকলো পক্ষৰ পৰামৰ্শ লোৱা হ’ব। অৱশেষত, এই বিধেয়কখন সংসদত অনা হ’ব আৰু ইয়াক গৃহীত কৰা হ’ব।

ইয়াৰ পূৰ্বে, ৰামনাথ কোবিন্দৰ সমিতিয়ে চৰকাৰৰ ওচৰত এক দেশ এক নিৰ্বাচনৰ সৈতে সম্পৰ্কিত প্ৰতিবেদন দাখিল কৰিব।

জানিব পৰা মতে দীঘলীয়া আলোচনাৰ বাবে আৰু এক সহমত গঢ়ি তোলাৰ বাবে বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ (জেপিচি) প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে।

জেপিচিয়ে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বিতং আলোচনা কৰিব আৰু প্ৰস্তাৱটোৰ ওপৰত সামূহিক সহমতৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

দৰাচলতে বৰ্তমান সময়ত দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত নিৰ্বাচন অনুষ্ঠিত হয়। এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত, দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত হ’ব।

অৱশ্যে, চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছে কংগ্ৰেছ আৰু আপৰ দৰে বহুতো ইণ্ডিয়া ব্লক দলে।  বিৰোধীয়ে অভিযোগ কৰিছে যে ই কেন্দ্ৰৰ শাসকীয় দলক লাভান্বিত কৰিব। এক দেশ এক নিৰ্বাচন আইনত পৰিণত হ’লেই একেলগে অনুষ্ঠিত হ’ব বিধানসভা আৰু লোকসভা নিৰ্বাচন।