দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ সময় সলনি হৈছে । ইয়াৰ পূৰ্বে ২০ ফেব্ৰুৱাৰীত বিয়লি ৪.৩০ বজাত দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া এই কাৰ্যসূচী পুৱা ১১ বজাত হ’ব বুলি নিৰ্ধাৰণ কৰা হৈছে । শপত গ্ৰহণৰ সময় নিশ্চিতভাৱে সলনি কৰা হৈছে যদিও তাৰিখ একেই আছে । অৰ্থাৎ এতিয়া ২০ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত নতুন দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব ।
উল্লেখ্য যে দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । অনুষ্ঠানৰ স্থান (ৰামলীলা ময়দান) নিৰ্ধাৰণ কৰা হৈছে । কিন্তু এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ নামক লৈ কোনো ঘোষণা কৰা হোৱা নাই । কাইলৈ (১৯ ফেব্ৰুৱাৰী) অনুষ্ঠিত হ’বলগীয়া বিধায়িনী দলৰ বৈঠকত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে ।
বুধবাৰৰ নিশাৰ পৰা বন্ধ থাকিব ৰামলীলা ময়দানলৈ যোৱা পথ-
জানিব পৰা গৈছে যে ১৯ ফেব্ৰুৱাৰীৰ নিশাৰ পৰা ৰামলীলা ময়দানলৈ যোৱা সকলো পথ বন্ধ থাকিব । কেৱল ভি ভি আই পি বাহনৰ প্ৰৱেশৰ অনুমতি দিয়া হ’ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি ৫০জনৰো অধিক উচ্চ নিৰাপত্তা থকা নেতা ৰামলীলা ময়দানত উপস্থিত হ’ব । ২০খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও এই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । সকলো কেন্দ্ৰীয় মন্ত্ৰী আৰু এন ডি এৰ নেতাকো এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছে ।
শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ৫০ গৰাকী চলচ্চিত্ৰ তাৰকা
শপতগ্ৰহণৰ পূৰ্বে ৰামলীলা ময়দানৰ মঞ্চত সংগীত আৰু গীতৰ বৰ্ণিল অনুষ্ঠান অনুষ্ঠিত হ’ব । কৈলাশ খেৰে অনুষ্ঠান পৰিৱেশন কৰিব । চলচ্চিত্ৰ তাৰকা অক্ষয় কুমাৰ, বিবেক অবেৰয়, হেমা মালিনী, কৈলাশ খেৰকে ধৰি ৫০ জনৰো অধিক চলচ্চিত্ৰ তাৰকা উপস্থিত থাকিব এই অনুষ্ঠানত । মুম্বাইৰ বিখ্যাত উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানীকে ধৰি এক ডজন উদ্যোগপতিও ৰামলীলা ময়দানত উপস্থিত থাকিব । ইয়াৰ উপৰিও বাবা ৰামদেৱ, স্বামী চিদানন্দ, বাবা বাগেশ্বৰ ধীৰেন্দ্ৰ শাস্ত্ৰীকো শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ।
লাদলী বেহনাকে ধৰি ৩০ হাজাৰ অতিথি আমন্ত্ৰণ-
দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে নিয়োজিত অন্যান্য ৰাজ্যৰ বিজেপি নেতা-কৰ্মীকো আমন্ত্ৰণ জনাইছে । লাডলী বেহনা, কৃষককো এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে । প্ৰায় ৩০ হাজাৰ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে । এন ডি এ গঠনকাৰী দলসমূহৰ নেতাসকলকো আমন্ত্ৰণ জনোৱা হ’ব ।