বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২০২৫ সংস্কৰণৰ চূড়ান্ত প্ৰতিযোগী দুয়োটা দল সন্মুখলৈ আহিছে । এফালে অষ্ট্ৰেলিয়াই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে । আনহাতে দক্ষিণ আফ্ৰিকাই ইতিমধ্যেই খিতাপৰ সংঘৰ্ষত প্ৰৱেশ কৰিছে । এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে পৰৱৰ্তী টেষ্ট চেম্পিয়নশ্বিপৰ সূচীত । ২০২৫ চনৰ ফাইনেলখন চলিত বৰ্ষৰ ১১ জুনৰ পৰা ইংলেণ্ডৰ লৰ্ডছত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব । জানক পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ কোন দিনাৰ পৰা আৰম্ভ হ’ব ?
পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ কেতিয়াৰ পৰা আৰম্ভ হ’ব ?
১১ জুনৰ পৰা লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া ২০২৫ চনৰ ফাইনেলৰ পিছত আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২০২৭ । ভাৰতৰ কথা ক’বলৈ গ’লে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পৰৱৰ্তী চক্ৰৰ প্ৰথমখন ছিৰিজ হ’ব ইংলেণ্ডৰ বিৰুদ্ধে । ২০২৫ চনৰ জুন মাহত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব পাঁচখনীয়া টেষ্টৰ শৃংখলা । ইয়াৰ উপৰিও জুন মাহত শ্ৰীলংকা বনাম বাংলাদেশ আৰু ৱেষ্ট ইণ্ডিজ বনাম অষ্ট্ৰেলিয়া শৃংখলাও অনুষ্ঠিত হ’ব ।
ভাৰতৰ সূচী-
জুন মাহত অনুষ্ঠিত হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্ৰথমখন শৃংখলা খেলিব । দুয়োটা দলৰ মাজত ৫খন টেষ্ট অনুষ্ঠিত হ’ব আৰু এই শৃংখলাটো জুলাই মাহৰ শেষ সপ্তাহত সমাপ্ত হ’ব । ইংলেণ্ডৰ এই ভ্ৰমণ সমাপ্ত হোৱাৰ পাছত অক্টোবৰ মাহত ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজ দলক আতিথ্য প্ৰদান কৰিব । কেৰিবিয়ান দলৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলা খেলিব লাগিব টিম ইণ্ডিয়াই । একে সময়তে ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন টেষ্ট মেচৰ শৃংখলাৰ জৰিয়তে ২০২৫ বৰ্ষৰ ছিজন সমাপ্ত কৰিব ।
২০২৬ চনৰ আগষ্ট মাহত টিম ইণ্ডিয়াই শ্ৰীলংকা ভ্ৰমণ কৰিব লাগিব, য’ত দুয়োটা দলে দুখন টেষ্ট খেলিব আৰু তাৰ পিছত অক্টোবৰ-নৱেম্বৰ মাহত ভাৰতে নিউজীলেণ্ড ভ্ৰমণ কৰি ২ টেষ্ট মেচৰ শৃংখলা খেলিব । তাৰ পিছত WTC ২০২৫-২৭ ত ভাৰতৰ অন্তিমখন শৃংখলা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’ব, য’ত পাঁচখনীয়া টেষ্ট মেচ অনুষ্ঠিত হ’ব ।