শুকান হালধিৰ তুলনাত কেঁচা হালধি যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয় । কাৰণ এনে বহুতো গুণ কেঁচা হালধিত পোৱা যায়, যিটো স্বাস্থ্যৰ ক্ষেত্ৰত অতি উপকাৰী বুলি প্ৰমাণিত হয় ।
হালধিক আয়ুবের্দ শাস্ত্ৰত ৰক্ত শোধক, পাচনতন্ত্ৰৰ বাবে উপকাৰী হিচাপে ব্যৱহাৰ কৰা হয় । হালধিত বিভিন্ন ধৰণৰ উপাদান যেনে আইৰণ, কেলছিয়াম, পটেছিয়াম, ক’পাৰ, ভিটামিন- A, B, C, D,ফাইবাৰ, মেংগানিজ, কাৰকুমিন আদি পোৱা যায় ।জানো আহক কেঁচা হালধিৰ উপকাৰসমূহ
হালধিৰ উপকাৰিতাসমূহ
১)কেঁচা হালধিৰ কৰ্কট ৰোধী গুণ আছে । সেয়েহে, কেঁচা হালধি সেৱন কৰি, কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰি ।
২)হালধিৰ ৰসে তেজ পৰিষ্কাৰ কৰাৰ লগতেই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ।
৩) হালধিৰ ৰসে মানুহৰ শৰীৰত এণ্টিবায়টিক হিচাপে কাম কৰে ।
৪) হালধিয়ে ছালৰ বিভিন্ন সমস্যা সমাধান কৰাত সহায় কৰে । কেঁচা হালধি ৰস খালে বা মিশ্ৰণ লগালে ছালৰ উজ্জ্বলতা আহে । একে সময়তে শালমইনা আৰু দাগৰ দাগ আঁতৰোৱাতো সহায় কৰে ।
৫) মানুহৰ শৰীৰৰ যিকোনো ৰক্তজনিত ৰোগত হালধিৰ ৰসে ৰক্তশোধক হিচাপে কাম কৰে ।
৪) যকৃত ৰোগ নিৰাময় কৰাতো হালধিয়ে সহায় কৰে । ৰাতিপুৱা আৰু আবেলি কেঁচা হালধীৰ ৰস দুচামুচ আৰু গুৰি হলে দুচামুচৰ আধা খাব লাগে । এনেদৰে দৈনিক খালে যকৃতৰোগৰ পৰা বহু পৰিমাণে উপশম পাব পাৰি ।
৬) চৰ্দি, কফ আদি নিৰাময়ত হালধিয়ে বহু পৰিমাণে সহায় কৰে । হালধি গাখীৰত উতলাই গুড়ৰ সৈতে খালে বহু পৰিমানে উপশম পোৱা যায় ।
৭)কেঁচা হালধি খাই ওজন সহজে হ্ৰাস কৰিব পাৰি । যদি ওজন হ্ৰাস কৰিব লগা হয়, তেন্তে কেঁচা হালধি খাব লাগে । কেঁচা হালধি ওজন হ্ৰাস কৰাত যথেষ্ট উপকাৰী বুলি প্ৰমাণিত হয় ।
৯) শিশুসকলৰ কৃমি ৰোগ নিৰাময়তো হালধিয়ে সহায় কৰে ।
(এই সমলটো সাধাৰণ তথ্যৰ বাবে, অনুগ্ৰহ কৰি যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওঁক)