দিল্লীৰ শম্ভু সীমান্তত আছে প্ৰতিবাদী কৃষক । একে সময়তে কাইলৈ অৰ্থাৎ সোমবাৰে কৃষকৰ প্ৰতিবাদৰ বিষয়টো উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব । প্ৰকৃততে কৃষকৰ বিক্ষোভ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থজনিত গোচৰ ৰুজু হৈছিল । এই আবেদনত পঞ্জাৱ-হাৰিয়ানাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ মুকলি কৰাৰ নিৰ্দেশ দিয়াৰ দাবী উত্থাপন কৰা হৈছে ।
ইয়াত উল্লেখ কৰা হৈছে যে ৰাজ্যৰ বিভিন্ন স্থানত কথিত কৃষক আৰু কৃষক সংঘৰ দ্বাৰা অবৈধ বেদখল আৰু বাধাৰ সৃষ্টি হৈছে । এয়া ৰাইজৰ মৌলিক অধিকাৰৰ বিৰুদ্ধে । ইয়াৰ উপৰিও বি এন এছৰ অধীনতো এয়া অপৰাধ । এনে পৰিস্থিতিত পঞ্জাৱ আৰু হাৰিয়ানা ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰেও কৃষকসকলক ঘাইপথৰ পৰা আঁতৰাই নিব লাগে । লগতে আন্দোলনকাৰী কৃষকসকলে যাতে সকলো ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথ অৱৰোধ নকৰে তাৰ বাবেও নিৰ্দেশনা বিচাৰিছে ।
ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সাধাৰণ জনতাৰ বাবে মসৃণ যাতায়ত সুনিশ্চিত কৰিব লাগে বুলি পি আই এলৰ নিৰ্দেশ বিচাৰিছে । ৯ ডিচেম্বৰত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ।