শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে এই কথাত একমত হয় যে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ সিদ্ধান্ত কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) নহয়, মানুহেহে ল’ব লাগে । এই তথ্য হোৱাইট হাউছে প্ৰকাশ কৰিছে ।
পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰত মানৱ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়া-
হোৱাইট হাউছে এক বিবৃতিত কয়, ‘দুয়োজন নেতাই পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ সম্পৰ্কীয় সিদ্ধান্তৰ ওপৰত মানৱ নিয়ন্ত্ৰণ বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । দুয়োগৰাকী নেতাই সম্ভাৱ্য বিপদৰ বিষয়ে ভালদৰে বিবেচনা কৰি সামৰিক খণ্ডত এ আই প্ৰযুক্তি দায়িত্বশীলভাৱে বিকশিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।
অৱশ্যে এই বিবৃতিৰ পিছত বিষয়টোৰ ওপৰত অধিক আলোচনা বা ব্যৱস্থা লোৱা হ’ব নেকি সেয়া স্পষ্ট হোৱা নাই । কিন্তু পাৰমাণৱিক অস্ত্ৰ আৰু এ আইকে ধৰি দুটা বিষয়ত দুয়োখন দেশৰ মাজত হোৱা আলোচনাৰ এই ধৰণৰ প্ৰথমটো পদক্ষেপ ।
ৱাশ্বিংটনে কেইবামাহো ধৰি বেইজিঙক হেঁচা প্ৰয়োগ কৰি আহিছে যে, পাৰমাণৱিক অস্ত্ৰৰ আলোচনাৰ প্ৰতি দীৰ্ঘদিনীয়া প্ৰতিৰোধ ক্ষমতা ভংগ কৰিব লাগে । নৱেম্বৰ মাহত দুয়োখন দেশে পাৰমাণৱিক অস্ত্ৰ সন্দৰ্ভত চৰকাৰী পৰ্যায়ৰ আলোচনা পুনৰ আৰম্ভ কৰিছিল যদিও তেতিয়াৰ পৰাই এই আলোচনা স্থবিৰ হৈ পৰিছে ।
বাইডেন আৰু জিনপিঙৰ ‘শেষ’ সাক্ষাৎ-
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে শনিবাৰে ৰাষ্ট্ৰপতি হিচাপে শেষবাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক সাক্ষাৎ কৰে যদিও চাইবাৰ অপৰাধ, বাণিজ্য, টাইৱান আৰু ৰাছিয়াক লৈ নতুন বিবাদৰ বাবে ড’নাল্ড ট্ৰাম্পৰ কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে উত্তেজনা হ্ৰাস কৰাৰ লক্ষ্য প্ৰত্যাহ্বানজনক হৈ পৰিছে ।