চাকৰিৰ ওপৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱক লৈ বহু সময়ত বিতৰ্কৰ সৃষ্টি হয় । কিছু সংখ্যকে চাকৰিৰ প্ৰতি ইয়াৰ ভাবুকি অস্বীকাৰ কৰাৰ বিপৰীতে আন কোনোৱে ইয়াক চাকৰিৰ বাবে ডাঙৰ সমস্যা বুলি কয় । ২০২৩ চনৰ পৰা সমগ্ৰ বিশ্বতে চাকৰি ছাটাই চলি আছে যদিও কোনো কোম্পানীয়ে ইয়াৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা অথবা এ আই দায়ী বুলি মানি ল’বলৈ সাজু নহয় । কিন্তু এতিয়া এ আইৰ বিপদৰ প্ৰতি সজাগ হৈ পৰিছে চৰকাৰ । এ আইৰ বাবে চাকৰি হেৰুৱাইছে বুলি দাবী কৰিছে বিত্ত মন্ত্ৰালয়ে । ইয়াৰ প্ৰভাৱক লৈ সতৰ্ক হৈ পৰিছে বিত্ত মন্ত্ৰালয় । লগতে ভৱিষ্যতে এ আইৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ প্ৰস্তুতি চলিছে ।
এ আইৰ বাবে চাকৰি বিপদত পৰিছে-
ইয়াৰ পূৰ্বে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাত এ আইৰ বাবে বহু লোকে চাকৰি হেৰুৱাইছে বুলি সকীয়াই দিয়া হৈছিল । এতিয়া ছেপ্টেম্বৰৰ মাহেকীয়া অৰ্থনৈতিক পৰ্যালোচনাত এইটোও কোৱা হৈছে যে এ আইৰ বাবে চাকৰি বিপদত পৰিছে । এই বিষয়ত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব । কোম্পানীত কৰ্মচাৰীৰ ঠাই লৈছে এ আইয়ে । ইকনমিক ৰিভিউৰ তথ্য অনুসৰি বৰ্তমান শ্ৰম বজাৰখন সুস্থিৰ । নিবনুৱাৰ হাৰো ৩.২ শতাংশত বন্ধ হৈ পৰিছে । দেশৰ কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পাইছে । প্ৰতিবেদনত কোৱা হৈছে যে ই পি এফ অ’ৰ তথ্যইও চাকৰি বৃদ্ধিৰ ইংগিত দিছে ।
চৰকাৰী আৰু ব্যক্তিগত খণ্ডই একেলগে কাম কৰিব লাগিব-
কিন্তু এনে বহু বাতৰি ওলাইছে যে বহু কোম্পানীত কৃত্ৰিম বুদ্ধিমত্তাই দ্ৰুতগতিত নিজৰ স্থান দখল কৰিছে । এই ধাৰাটোৰ ওপৰত আমি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব । জুলাই মাহৰ অৰ্থনৈতিক জৰীপত কোৱা হৈছিল যে কৃত্ৰিম বুদ্ধিমত্তাৰ আগমনৰ ফলত কম দক্ষতা, অৰ্ধদক্ষ আৰু উচ্চ দক্ষ শ্ৰমিকৰ ওপৰত প্ৰভাৱ পৰিব । চাকৰিৰ সন্মুখত এ আইয়ে অহৰহ বাধাৰ সৃষ্টি কৰিব । ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ অনাগত সময়ত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডই একেলগে কাম কৰিব লাগিব ।