কিমান শক্তিশালী ভাৰতীয় অৰ্থনীতি ? আজি দাখিল হ’ব অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন
আজি অৰ্থনৈতিক জৰীপ ২০২৬ৰ প্ৰতিবেদন সংসদত দাখিল কৰা হ’ব । এই প্ৰতিবেদনে ভাৰতীয় অৰ্থনীতিৰ এক আভাস প্ৰদান কৰিব ।
আজি সংসদীয় বাজেট অধিবেশনৰ দ্বিতীয় দিন । আজি অৰ্থনৈতিক সমীক্ষা ২০২৬ৰ প্ৰতিবেদন সংসদত দাখিল কৰা হ’ব । এই প্ৰতিবেদনে ভাৰতীয় অৰ্থনীতিৰ এক আভাস প্ৰদান কৰিব আৰু ইয়াৰ শক্তি উন্মোচন কৰিব । ইয়াৰ তিনিদিন পিছত, ২ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট ।
ইতিহাসত প্ৰথমবাৰৰ বাবে এইবাৰ দেওবাৰে (২ ফেব্ৰুৱাৰী) কেন্দ্ৰীয় বাজেট দাখিল কৰা হ’ব আৰু এই বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । এয়া হ’ব সীতাৰমণৰ উত্থাপন কৰা নৱমখন বাজেট । এই বাজেটত চৰকাৰে ভাৰতৰ উন্নয়নৰ বাবে ৰোডমেপ দাঙি ধৰিব । বিভিন্ন শিতান আৰু শ্ৰেণীৰ বাবে শিথিলতাও ঘোষণা হ’ব পাৰে ।
সাধাৰণতে বাজেটৰ এদিন পূৰ্বে অৰ্থনৈতিক জৰীপ দাখিল কৰা হয় যদিও এইবাৰ তিনিদিন পূৰ্বেই এই প্ৰতিবেদন দাখিল কৰা হ’ব । চলিত বৰ্ষৰ ২৯ জানুৱাৰী বৃহস্পতিবাৰে পুৱা ১১ বজাত অৰ্থনৈতিক জৰীপ ২০২৬ উপস্থাপন কৰা হ’ব ।
কিয় হয় অৰ্থনৈতিক সমীক্ষা ?
অৰ্থনৈতিক সমীক্ষাত দেশৰ অৰ্থনৈতিক পৰিস্থিতি, প্ৰত্যাহ্বান, ভৱিষ্যত দিশৰ বিশদ মূল্যায়ন কৰা হয় । এই প্ৰতিবেদনত বিকাশৰ সূচক, মুদ্ৰাস্ফীতিৰ প্ৰক্ষেপণ আৰু দেশৰ চাকৰি, বাণিজ্য আৰু বিত্তীয় স্বাস্থ্যৰ বিষয়ে তথ্য অন্তৰ্ভুক্ত কৰা হয় । কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ভিতৰৰ এটা দলে প্ৰতি বছৰে এই অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন প্ৰস্তুত কৰে । সাধাৰণতে কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ এদিন পূৰ্বে সংসদত দাখিল কৰা হয় এই প্ৰতিবেদন ।
বাজেটৰ পূৰ্বে কিয় কৰা হয় অৰ্থনৈতিক সমীক্ষা ?
অৰ্থনৈতিক সমীক্ষাত দেশৰ কাম-কাজ আৰু তাৰ ফলত বিগত এটা বছৰত লাভ কৰা সুবিধাসমূহৰ বিষয়ে এক আভাস দিয়া হয় । ইয়াৰ উপৰিও এই প্ৰতিবেদনত ভাৰতীয় অৰ্থনীতিৰ কাৰ্যকলাপৰ তথ্যও প্ৰদান কৰা হয় । এই প্ৰতিবেদনে বাজেটৰ বাবে ভিত্তি ৰেখা আৰু ৰোডমেপ প্ৰদান কৰে । ইয়াৰ উপৰিও চলিত বিত্তীয় বৰ্ষৰ বাবে জিডিপি বৃদ্ধি, মুদ্ৰাস্ফীতি, নিয়োগ, ৰপ্তানি আৰু আমদানি, বিত্তীয় অৱস্থা আৰু বিভিন্ন খণ্ডৰ (কৃষি, উদ্যোগ আৰু সেৱা) অৱস্থাৰ ওপৰত নবীকৃত তথ্য প্ৰদান কৰে ।
উল্লেখ্য যে, সংসদৰ চলিত বৰ্ষৰ বাজেট অধিবেশন ২০২৬ চনৰ ২৮ জানুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হয় । কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে চলিত মাহৰ আৰম্ভণিতে এটা পোষ্টত উল্লেখ কৰিছিল যে এই অধিবেশন ২০২৬ চনৰ ২ এপ্ৰিললৈকে চলিব ।
লগতে পঢ়ক : পৰম্পৰাগত ‘হালোৱা চেৰিমনি’ৰে আৰম্ভ হ’ল বাজেট-২০২৬ৰ কাউন্ট-ডাউন