মধ্য প্ৰদেশৰ জবলপুৰ জিলাত মঙলবাৰে পুৱা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন ট্ৰেভেলাৰ আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত প্ৰায় ৭ জন লোকৰ মৃত্যু হৈছে।
জানিব পৰা মতে প্ৰয়াগৰাজ কুম্ভৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ উভতি গৈ আছিল তীৰ্থযাত্ৰীৰ দলটো। জানিব পৰা মতে জিলা সদৰৰ পৰা প্ৰায় ৬৫ কিলোমিটাৰ দূৰত চিহোৰা চহৰৰ ওচৰত ৰাতিপুৱা প্ৰায় ৮:৩০ বজাত এই ঘটনা সংঘটিত হৈছিল।
প্ৰত্যক্ষদৰ্শী সকলে জানিবলৈ দিয়া মতে ট্ৰাকখন ভুল দিশেৰে তীব্ৰবেগত গৈ ট্ৰেভেলাৰখনত খুন্দা মাৰে।ইয়াৰ ফলত সাতজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো তীৰ্থযাত্ৰী ট্ৰেভেলাৰখনতে আৱদ্ধ হৈ পৰে।
পিছত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। তীৰ্থযাত্ৰী দলটোৱে কুম্ভমেলাত গা ধুই উভতি গৈ আছিল ।