অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বিষয়ে সংবাদমেল যোগে অৱগত কৰে । আগন্তুক বিধানসভাৰ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰা হ’ব বুলিও তেওঁ কয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৯খন বিশ্ববিদ্যালয় স্থাপনত অনুমোদন জনোৱা হয় । সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া অসমত ব্যক্তিগত বিশ্ববিদ্যালয় চলোৱাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা নিষ্পত্তি বাধ্যতামূলক হ’ব ।
ছিপাঝাৰ আৰু তিনিচুকীয়াত পৃথক পৃথক বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব-
কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে শেহতীয়াকৈ এডভান্টেজ আছাম সন্মিলনত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি- এডভান্টেজ আছাম ২.০ আজি কেবিনেটে অনুমোদন জনাইছে । তেওঁ কয় যে এই বুজাবুজি চুক্তিৰ অধীনত ছিপাঝাৰ আৰু তিনিচুকীয়াত সুকীয়া বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব । এই সন্দৰ্ভত চৰকাৰে শীঘ্ৰে বিধানসভাত এখন বিধেয়ক উত্থাপন কৰিব ।
In today's meeting of the #AssamCabinet, we resolved to
— Himanta Biswa Sarma (@himantabiswa) March 4, 2025
👉🏼Pass a resolution thanking Adarniya @narendramodi ji for #AdvantageAssam2
👉🏼 Naming of Ratan Tata Electronics City, Jagiroad
👉🏼Provide opportunities for Assam's engineers
👉🏼Set up new institutions
👉🏼Approve new policies pic.twitter.com/eroapNe0mA
ৰতন টাটাৰ স্মৃতিত জাগীৰোড ইলেক্ট্ৰনিক চিটিৰ নামকৰণ-
মঙলবাৰৰ সংবাদমেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই আন এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে । তেওঁ কয় যে প্ৰয়াত উদ্যোগপতি ৰতন টাটাৰ স্মৃতিত জাগীৰোডত নিৰ্মাণ হৈ থকা ইলেক্ট্ৰনিক চিটিৰ নাম ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । তেওঁ কয় যে এতিয়া জাগীৰোড ইলেক্ট্ৰনিক চিটিৰ নাম হ’ব ৰতন টাটা ইলেক্ট্ৰনিক চিটি, জাগীৰোড ।
এই সাতখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিধেয়ক-
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্রহণ কৰিছে ৷ তেওঁ কয় যে আজি অসম কেবিনেটে কেইবাখনো বিধেয়কত অনুমোদন জনায় । এই বিধেয়কসমূহ বিধানসভাই অনুমোদন জনোৱাৰ পিছত কিছু নতুন বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব । অসম বিধানসভাত বিধেয়ক উত্থাপন হ’বলগীয়া বিশ্ববিদ্যালয়সমূহৰ ভিতৰত শিৱসাগৰ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয় আৰু বঙাইগাঁও বিশ্ববিদ্যালয় ।
ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অনুমতিৰো প্ৰয়োজন-
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে সংশোধনী বিধেয়কো উত্থাপন কৰিব । আইনৰ সংশোধনীৰ পিছত শীঘ্ৰে উপাচাৰ্য নিযুক্তিৰ কাম কৰিব পাৰিব । তেওঁ কয় যে এতিয়াৰ পৰা অসমৰ যিকোনো ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অনুমতিৰো প্ৰয়োজন হ’ব ।