প্ৰতি বছৰে ২২ এপ্ৰিলত বিশ্ব পৃথিৱী দিৱস (Earth Day)পালন কৰা হয় । ইয়াক কেৱল পৃথিৱী দিৱস বুলিও জনা যায় । পৃথিৱী দিৱস উদযাপনৰ উদ্দেশ্য হৈছে পৰিৱেশ সুৰক্ষাৰ দিশত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা আৰু পৃথিৱীখনক সুখী কৰি ৰখাত সকলোৱে যাতে অৰিহণা যোগায় তাৰ বাবে চেষ্টা কৰা ।
ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সুস্থ আৰু সুখী পৃথিৱী বজাই ৰখাটো প্ৰতিটো প্ৰজন্মৰ দায়িত্ব । এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ প্ৰসাৰ, পৰিৱেশ সুৰক্ষিত ৰখা, পৰিৱেশ সংৰক্ষণৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজ দিয়া, মানুহক প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰাৰ উপায় কোৱা, জনসংখ্যা বৃদ্ধিৰ ওপৰত চকু ৰখা, বনাঞ্চল ধ্বংস বন্ধ কৰা, প্ৰদূষণ হ্ৰাস কৰাৰ পদক্ষেপ লোৱা আৰু সকলোকে পৃথিৱীৰ স্বাৰ্থত কাম কৰিবলৈ সজাগ কৰা । এইবাৰ পৃথিৱী দিৱসৰ বিষয়বস্তু কি, এই দিৱসৰ ইতিহাস কি আৰু আমি সকলোৱে নিজৰ পৰ্য্যায়ত পৰিৱেশ সুৰক্ষাৰ দিশত কেনেদৰে অৰিহণা যোগাব পাৰো সেই বিষয়ে জানি লওক ।
পৃথিৱী দিৱস ২০২৫ৰ বিষয়বস্তু-
প্ৰতি বছৰে পৃথিৱী দিৱস উদযাপনৰ বাবে এটা বিশেষ থিম বা বিষয়বস্তু বাছি লোৱা হয় । এইবাৰৰ পৃথিৱী দিৱসৰ বিষয়বস্তু হৈছে- ‘আমাৰ শক্তি, আমাৰ পৃথিৱী’ । এই বিষয়বস্তু উদযাপনৰ উদ্দেশ্য হৈছে দেশসমূহৰ মানুহ, সংগঠন আৰু চৰকাৰসমূহক ক্ষয়িষ্ণু শক্তিৰ উৎসসমূহক নবীকৰণযোগ্য উৎসলৈ ৰূপান্তৰিত কৰিবলৈ অনুপ্ৰাণিত কৰা আৰু বহনক্ষম ভৱিষ্যতৰ ভেটি স্থাপন কৰা । এই বিষয়বস্তুৰ জৰিয়তে লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত বিশ্বজুৰি উৎপাদিত নবীকৰণযোগ্য শক্তিৰ পৰিমাণ তিনিগুণ বৃদ্ধি কৰা, য’ত ভূতাপীয়, জলবিদ্যুৎ, জোৱাৰ-ভাটাৰ, বতাহ আৰু সৌৰশক্তিৰ দৰে স্বচ্ছ শক্তিৰ উৎসৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে ।
পৃথিৱী দিৱস উদযাপনৰ ইতিহাস-
১৯৭০ চনৰ ২২ এপ্ৰিলত প্ৰথমবাৰৰ বাবে বিশ্বই পৃথিৱী দিৱস উদযাপন কৰে । পৃথিৱী দিৱস উদযাপন আৰম্ভ কৰাৰ কৃতিত্ব আমেৰিকাৰ ৰাজনীতিবিদ তথা পৰিৱেশ কৰ্মী চিনেটৰ জেৰাল্ড নেলছনৰ । ইয়াৰ পিছত কৰ্মী ডেনিছ হেইছেও এই অভিযানত জেলাৰ্ডৰ সৈতে যোগদান কৰে । ১৯৯০ চনৰ পৃথিৱী দিৱসত ১৪১ খন ৰাষ্ট্ৰৰ ২০ কোটি লোকে এই দিৱস উদযাপন কৰি ১৯৯২ চনত ব্ৰাজিলত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলনৰ ভেটি স্থাপন কৰে । ইয়াৰ পিছত প্ৰতি বছৰে কোটি কোটি লোকে পৃথিৱী দিৱস পালন কৰে ।
পৃথিৱী দিৱস উদযাপনত কেনেকৈ অৰিহণা যোগাব-
পৃথিৱী দিৱস উদযাপনৰ উদ্দেশ্য হৈছে পৰিৱেশ সুৰক্ষাৰ গুৰুত্ব প্ৰচাৰ কৰা, প্ৰদূষণ হ্ৰাস কৰা আৰু শক্তিকে ধৰি সম্পদৰ ব্যৱহাৰ ৰোধ কৰা । এনে পৰিস্থিতিত এজন ব্যক্তিয়ে নিজৰ পৰ্য্যায়ত এই দিৱস উদযাপন কৰাত অৰিহণা যোগাব পাৰে ।
-প্লাষ্টিকৰ ব্যৱহাৰ কম কৰক ।
-পুনঃব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া ।
-বিদ্যুতৰ প্ৰয়োজন নহ’লে লাইট আৰু ফেন বন্ধ কৰক ।
-প্লাষ্টিকৰ আৱৰ্জনা পুনঃব্যৱহাৰ কৰক । যিমান পাৰি পৰিৱেশৰ বাবে সুৰক্ষিত বস্তু ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক ।
-গছ ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰি ৰাখক ।
-প্ৰদূষণ হ্ৰাস কৰি নদী আৰু নলাত জাবৰ পেলোৱাৰ পৰিৱৰ্তে ডাষ্টবিনত পেলাই দিয়ক ।