বলিউডৰ অভিনেতা চলমান খানক প্ৰাণে মৰাৰ ভাবুকি দিয়া লৰেন্স বিষ্ণোয়ৰ কথা সকলোৰে জানে। ২০১৬ চনৰে পৰাই কাৰাগাৰত বন্দি হৈ আছে লৰেন্স বিষ্ণোয়। গুজৰাটৰ আহমেদাবাদৰ সাবৰমতী কেন্দ্ৰীয় কাৰাগাৰত আছে লৰেন্স বিষ্ণয়। লৰেন্স বিষ্ণোইৰ এগৰাকী সম্পৰ্কীয় ভাতৃয়ে প্ৰকাশ কৰিছে যে তেওঁলোকৰ পৰিয়ালে গেংষ্টাৰ গৰাকীৰ যত্ন ল’বলৈ প্ৰতি বছৰে প্ৰায় ৩৫ ৰ পৰা ৪০ লাখ খৰচ কৰে।তেওঁ লগতে কয় যে “ পৰিয়ালটোৱে কেতিয়াও কল্পনা কৰা নাছিল যে, পাঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা আইনস্নাতক লৰেন্স এদিন অপৰাধী হ’ব।লৰেন্সৰ পিতৃ হাৰিয়ানা আৰক্ষীৰ এজন কনিষ্টবল আছিল আৰু আমাৰ পৰিয়ালৰ গাঁৱত ১১০ বিঘা আছে। লৰেন্সে সদায় দামী কাপোৰ আৰু জোতা পিন্ধিছিল।পঞ্জাৱৰ ফিৰোজপুৰত জন্মগ্ৰহণ কৰা বিষ্ণোই, যাৰ প্ৰকৃত নাম বলকৰণ বৰাড়।কিন্তু স্কুলীয়া কালছোৱাত, তেওঁৰ খুড়ীৰ পৰামৰ্শ অনুসৰি শৈশৱকালত ভাল পোৱা নামটোৰ পৰা ‘লৰেন্স’ লৈ সলনি কৰিছিল”।কাৰাগাৰত থকাৰ পিছটো লৰেন্স বিষ্ণোই বিলাসী জীৱনৰ কথা জনাৰ পিছত সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে।