কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে নিজৰ পদৰ পৰা পদত্যাগ কৰিছে । তেওঁৰ চৰকাৰৰ সমালোচনা আৰু ব্যক্তিগত সমালোচনাৰ মাজতে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে । দেশৰ আগত দিয়া ভাষণত ট্ৰুডোৱে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে । ট্ৰুডোৱে কয় যে নতুন নেতা নিৰ্বাচিত হ’লেই দলৰ নেতা আৰু প্ৰধানমন্ত্ৰী হিচাপে পদত্যাগ কৰাৰ মনস্থ কৰিছো । ট্ৰুডোৱে কয় যে তেওঁ নিজৰ লিবাৰেল পাৰ্টিৰ সভাপতিক নতুন নেতা নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ কয়, আৰু পৰৱৰ্তী নেতা নিৰ্বাচিত নোহোৱালৈকে তেওঁ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী হৈ থাকিব ।
জাষ্টিন ট্ৰুডো ১১ বছৰ লিবাৰেল পাৰ্টিৰ নেতা আৰু ৯ বছৰ কানাডাৰ প্ৰধানমন্ত্ৰী হৈ আছিল । ড’নাল্ড ট্ৰাম্পৰ শুল্ক ভাবুকিৰ পৰা আৰম্ভ কৰি গুৰুত্বপূৰ্ণ মন্ত্ৰীসকলৰ পদত্যাগ আৰু মতামত সমীক্ষালৈকে তেওঁ কেইবাটাও সংকটৰ সন্মুখীন হৈছিল । ৫৩ বছৰীয়া জাষ্টিন ট্ৰুডোৱে কয় যে সংসদৰ কাৰ্য্যবিধি ২৪ মাৰ্চলৈকে স্থগিত ৰখা হ’ব । সোমবাৰে অট’ৱাত অনুষ্ঠিত এক সংবাদমেলত ট্ৰুডোৱে কয় যে এই দেশখনে পৰৱৰ্তী নিৰ্বাচনত প্ৰকৃত পছন্দৰ যোগ্য আৰু মোৰ বাবে স্পষ্ট হৈ পৰিছে যে যদি মই আভ্যন্তৰীণ যুদ্ধ এখন যুঁজিবলগীয়া হয়, তেন্তে সেই নিৰ্বাচনৰ বাবে মই সেইটোৱেই সৰ্বোত্তম উপায়, কোনো বিকল্প থাকিব নোৱাৰে ।”
প্ৰধানমন্ত্ৰী হিচাপে শেষৰ ভাষণত ট্ৰুডোৱে কয় যে তেওঁ সদায় দেশ আৰু দলৰ হৈ থাকিব, কিন্তু এতিয়া তেওঁ এজন নতুন নেতাক সুযোগ দিব বিচাৰিছে যাতে দলটোৱে নতুন দিশত আগবাঢ়িব পাৰে । তেওঁৰ এই সিদ্ধান্তই কানাডাৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে, কিয়নো বিগত ৯ বছৰ ধৰি ট্ৰুডো প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে আৰু তেওঁৰ নেতৃত্বত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে ।
একে সময়তে তেওঁ পূৰ্বে পদত্যাগ নকৰাৰ কাৰণো স্পষ্ট কৰি দিয়ে । ট্ৰুডোৱে কয় যে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে, ইউক্ৰেইন আৰু কানাডাৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ বাবে তেওঁ পূৰ্বে পদত্যাগ কৰা নাছিল ।