কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে চিৰ বিদায় দিয়া হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক
-পুৱা ৮ বজাৰ ভিতৰত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ লৈ যোৱা হ’ব সোণাপুৰলৈ
-পৰিয়ালৰ সকলো লোকৰ কাৰণে চৰকাৰে কৰিছে বিশেষ বাহনৰ ব্যৱস্থা
-অন্য কোনো বাহনে কৰিব নোৱাৰিব প্ৰৱেশ
-ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় দিয়া হ’ব জুবিন গাৰ্গক
-২ বজা পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথত চলিব নোৱাৰিব যান-বাহন
-আজি আৰু কাইলৈ বন্ধ থাকিব সকলো সুৰাৰ বিপণী
-মেঘালয় চৰকাৰেও বন্ধ ৰাখিব সুৰাৰ বিপণী
-বন্ধ থাকিব সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয়
-সকলো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানক শিল্পীগৰাকীক স্মৰণ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
-জুবিন গাৰ্গৰ ১৩ দিনীয়া শ্ৰাদ্ধ সম্পন্ন কৰা হ’ব যোৰহাটত
-উপস্থিত থাকিব পৰিয়ালৰ সকলো লোক
-জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ চাৰিওপাশে দিয়া হব বাউণ্ডেৰি
-শীঘ্ৰেই সমাধিক্ষেত্ৰ বনোৱা হ’ব সোণাপুৰত
-সমান্তৰালকৈ যোৰহাটতো সমাধিক্ষেত্ৰৰ কাম আৰম্ভ হব
-১৩ দিনৰ দিনাই যোৰহাটলৈ লৈ যোৱা হ’ব আপোন শিৱ্পীগৰাকীৰ চিতাভষ্ম
-সোণাপুৰৰ সমান্তৰালকৈ যোৰহাটতো হ’ব সমাধিক্ষেত্ৰ
-চিৰকাললৈ মনত ৰাখিব পৰাকৈ প্ৰিয় জুবিন গাৰ্গক দিয়া হব বিদায়
-সকলো ৰাইজক সহায়-সহযোগিতাৰ আহ্বান মুখ্যমন্ত্ৰীৰ
-কোনো লোকে ইচ্ছাকৃতভাৱে বিশৃংখলতাৰ সৃষ্টি কৰিলেই চৰকাৰে ল’ব ব্যৱস্থা
-জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা শেষকৃত্যলৈ সকলো অনুষ্ঠানলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে
-জুবিনৰ অনুৰাগীসকলৰ পৰাও লোৱা হব পৰামৰ্শ
-ৰাইজৰ পৰা কথা আহিলেই গ্ৰহণ কৰা হব সিদ্ধান্ত
-গাঁৱৰ ৰাইজে একেলগে শেষ শ্ৰদ্ধা জনাওক
-চৰকাৰৰ LEDস্ক্ৰীণৰ জৰিয়তে কৰা হব জুবিনৰ শেষকৃত্য অনুষ্ঠানৰ লাইভ টেলিকাষ্ট
-DIPRক সামাজিক অনুষ্ঠানত LED স্ক্ৰীণ লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দিয়া হৈছে নিৰ্দেশ
-জুবিনৰ নশ্বৰদেহ লগত কালিয়েই আহিছিল সন্দীপন গাৰ্গ
-চৰকাৰী অনুমতি লৈ সন্দিপন গাৰ্গ গৈছিল নে ছিংগাপুৰলৈ
-জুবিনৰ শেষকৃত্য অনুষ্ঠানৰ পিছতে সেই বিষয়েও কৰা হব তদন্ত
-আটাইকেইখন জিলাৰ DCকো সামাজিক স্থানত LED স্ক্ৰীণ লগোৱাৰ নিৰ্দেশ
-পুৱা ৭.৩০ৰ মানতে শেষকৃত্য কৰাৰ পৰিকল্পনা চৰকাৰৰ
-ৰাইজৰ সমস্যা নোহোৱাকৈ পুৱা সোনকালেই শেষকৃত্য সম্পন্ন কৰাৰ চেষ্টা
লগতে পঢ়ক : আজিও লোকাৰণ্য সৰুসজাই; প্ৰাণৰ শিল্পীগৰাকীক চাবলৈ লাখ লাখ অনুৰাগীৰ ভিৰ