বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী মোদীকে ধৰি কেইবাজনো মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব।
অতিথিৰ তালিকা অনুসৰি, সকলো অতিথি ১১ ৰ পৰা ১২ বজাৰ ভিতৰত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হ’ব। নতুন মুখ্যমন্ত্ৰী আৰু শপত গ্ৰহণ কৰা বিধায়কসকলে শপত গ্ৰহণৰ বাবে ১২:১০ বজাত উপস্থিত হ’ব।
কেন্দ্ৰীয় মন্ত্ৰী, আন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী সমূহো ১২:১২ মিনিটত উপস্থিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুপৰীয়া ১২:২৯ বজাত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হ’ব।
দুপৰীয়া ১২:৩৫ বজাত দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰিব।ইয়াৰ পিছত, বিধায়কসকলক শপত গ্ৰহণ কৰোৱা হ’ব। এলজি ভিকে চাক্সেনাই মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক শপত গ্ৰহণ কৰোৱাব।
কিন্তু ইয়াৰ মাজেতে দিল্লীৰ মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ চৰ্চা অৱ্যাহত আছে। সকলো জল্পনা কল্পনাৰ অন্তত আজি সন্ধিয়া মুখ্যমন্ত্ৰীৰ নাম প্ৰকাশ কৰা হ’ব।
জানিব পৰা মতে বিজেপি বিধায়িনী দলৰ বৈঠক আজি সন্ধিয়া প্ৰায় ৭ বজাত অনুষ্ঠিত হ’ব। তাৰ পিছত, পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।
ক্ৰিকেটত ‘স্লগ অভাৰ’ৰ দৰেই দিল্লীৰ ৰাজনীতিত চূড়ান্ত পৰ্যায়ৰ আলোচনাত চাৰিটা নাম ওলাইছে। দিল্লীৰ মুখ্যমন্ত্ৰীৰ দৌৰত আশীষ সুদৰ নাম আগবাঢ়ি আছে।
ইফালে ৰেখা গুপ্তা হৈছে দ্বিতীয় নাম, যাক অধিক সম্ভাৱনা বুলি বিবেচনা কৰা হৈছে।মুখ্যমন্ত্ৰী দৌৰৰ তৃতীয় নাম হৈছে পৰবেশ বাৰ্মা, যি ইতিমধ্যে অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰাৰ বাবে চৰ্চাত আছে।
অৱশ্যে, বহুতো জ্যোতিষীয়ে তেওঁলোকৰ ৰাশিফলত বুধৰ উপস্থিতিৰ বাবে এক পৃথক সম্ভাৱনাৰ পৰামৰ্শ দিছে। যি কি নহওক, এই দৌৰৰ অন্তিমটো নাম হৈছে বিজেন্দ্ৰ গুপ্তা।
মন কৰিবলগীয়া যে দিল্লীৰ মুখ্যমন্ত্ৰী আৰু নতুন কেবিনেটৰ শপত গ্ৰহণ অনুষ্ঠান ২০ ফেব্ৰুৱাৰীত ৰামলীলা ময়দানত অনুষ্ঠিত হ’ব।অনুষ্ঠানটো পুৱা ১১ বজাত আৰম্ভ হ’ব।
লেফটেনেণ্ট গভৰ্ণৰ ভি.কে. চাক্সেনাই দুপৰীয়া ১২:৩৫ বজাত নতুন মুখ্যমন্ত্ৰী আৰু কেবিনেটক শপত গ্ৰহণ কৰোৱাব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী আৰু এন ডি এৰ উপ মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।