মঙলবাৰে (২৬ নৱেম্বৰ) মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব একনাথ শিণ্ডেই । এক সূত্ৰই এই তথ্য প্ৰদান কৰিছে । পদত্যাগ কৰাৰ পিছতহে নতুন চৰকাৰ গঠনৰ প্ৰচেষ্টা আৰম্ভ হ’ব । নিয়ম অনুসৰি তেওঁ প্ৰথমে পদত্যাগ কৰিব লাগিব । ইয়াৰ পিছতহে কোনোবাই চৰকাৰ গঠনৰ দাবী উপস্থাপন কৰিব । অৱশ্যে নতুন মুখ্যমন্ত্ৰী কোন হ’ব সেই লৈ এতিয়াও উৎকণ্ঠা অব্যাহত আছে ।
বিজেপি সমৰ্থকৰ প্ৰথম পছন্দ ফাড়নভিছ-
বিজেপি নেতাসকলে বিচাৰে এইবাৰ দেৱেন্দ্ৰ ফাড়নৱীছক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হওক । দলৰ নেতা-সমৰ্থকসকলে যুক্তি আগবঢ়াইছে যে বিজেপিয়ে ৰাজ্যত সৰ্বাধিক আসন লাভ কৰিছে আৰু এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ আসনৰ অধিকাৰ আছে ।
শিৱসেনাই বিচাৰে শিণ্ডে মুখ্যমন্ত্ৰী হোৱাটো-
আনহাতে শিৱসেনাই কয় যে বিহাৰৰ দৰে সূত্ৰ মহাৰাষ্ট্ৰত কাৰ্যকৰী হ’ব লাগে । বিহাৰত বিজেপিতকৈ জে ডি ইউৰ আসন কম, তথাপিও ইয়াত নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ আসন দখল কৰিছে ।
অজিত পাৱাৰৰ কি কয় ?
একে সময়তে মহাযুটীৰ সহযোগী অজিত পাৱাৰে কয় যে এতিয়ালৈকে মুখ্যমন্ত্ৰী পদ সন্দৰ্ভত কোনো সূত্ৰৰ আলোচনা হোৱা নাই । তিনিওটা দলৰ নেতা একেলগে বহিব আৰু তাৰ পিছত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলিও তেওঁ কয় । অজিত পাৱাৰে হয়তো বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱাৰ কথা কৈছে যদিও তেওঁৰ দলৰ নেতাসকলে বক্তব্য দিয়াৰ ক্ষেত্ৰত পিছ পৰি থকা নাই । এন চি পিৰ নেতা ছগন ভুজবলে কয় যে যদি বিহাৰৰ সূত্ৰ ব্যৱহাৰ কৰি একনাথ শিণ্ডে মুখ্যমন্ত্ৰী হ’ব লাগে তেন্তে অজিত পাৱাৰ কিয় মুখ্যমন্ত্ৰী হ’ব নোৱাৰে ।
সূত্ৰ অনুসৰি সোমবাৰে নিশা দিল্লীত উপস্থিত হ’ব একনাথ শিণ্ডে, দেৱেন্দ্ৰ ফাড়নৱীছ আৰু অজিত পাৱাৰ । ইয়াত তেওঁলোকে ব্যক্তিগত অনুষ্ঠানত অংশগ্ৰহণ কৰিব । পিছত তিনিওজন নেতাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব পাৰে । এই বৈঠকতে মুখ্যমন্ত্ৰীৰ পদৰ চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ।