ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) য়ে কাইলৈ অৰ্থাৎ ২০২৪ চনৰ ৪ ডিচেম্বৰ তাৰিখে বিয়লি ৪:০৮ বজাত ইউৰোপীয় মহাকাশ সংস্থা (ESA) ৰ Proba-3 Mission উৎক্ষেপণ কৰিবলৈ ওলাইছে । শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ ১ নং লঞ্চ পেডৰ পৰা পি এছ এল ভি-এক্সএল ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰা হব এই অভিযান ।
এই উৎক্ষেপণ আপুনি ইউটিউবত লাইভ চাব পাৰিব বা ইছৰোৰ চাইটতো লাইভ লিংক খোলা থাকিব । ইউটিউব লিংক – https://www.youtube.com/live/PJXXLLw0PBI
ইছৰোৰ এই বিশেষ ৰকেটৰ বিষয়ে জানক…
এই অভিযানত ইছৰোৱে PSLV-C59 ৰকেটৰ সহায় লৈছে । ইয়াত C59 আচলতে ৰকেট উৎক্ষেপণৰ ক’ড । এইটো হ’ব পি এছ এল ভি ৰকেটৰ ৬১ সংখ্যক উৰণ আৰু পি এছ এল ভি-এক্সএলৰ ২৬ সংখ্যক উৰণ । এই ৰকেটৰ উচ্চতা ১৪৫.৯৯ ফুট । উৎক্ষেপণৰ সময়ত ইয়াৰ ওজন হ’ব ৩২০ টন । এইটো চাৰিটা ষ্টেজৰ ৰকেট । এই ৰকেটে প্ৰায় ২৬ মিনিটত প্ৰ’বা-৩ উপগ্ৰহটোক ৬০০ X ৬০,৫৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপবৃত্তাকাৰ কক্ষপথত স্থান দিব ।
Proba-3 উপগ্ৰহৰ বিষয়ে জানক…
প্ৰ’বা-৩ হৈছে বিশ্বৰ প্ৰথমটো precision formation flying উপগ্ৰহ । অৰ্থাৎ ইয়াত এটা নহয় দুটা উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব । যাৰ মুঠ ওজন হ’ব ৫৫০ কেজি । প্ৰথমখন হৈছে ক’ৰ’নাগ্ৰাফ মহাকাশযান আৰু দ্বিতীয়খন হৈছে অকুলটাৰ মহাকাশযান ।