অৱশেষত লৰেন্স বিষ্ণোইৰ গেঙৰ পৰা পোৱা ভাবুকিৰ প্ৰতি মৌনতা ভংগ কৰিলে বলীউডৰ অভিনেতা ছলমান খানে।তেওঁৰ আগন্তুক ছবি চিকন্দৰৰ প্ৰচাৰৰ সময়ত নিজৰ হৃদয়ৰ কথা ক’লে অভিনেতা গৰাকীয়ে।
বিগত কিছু বছৰ অভিনেতা ছলমান খানৰ বাবে অতি কঠিন হৈ পৰিছে। ধাৰাবাহিকভাৱে তেওঁৰ জীৱনৰ বাবে লৰেন্স বিষ্ণোই গেঙৰ ভাবুকি আহিছে।
উল্লেখ্য যে যোৱা বছৰৰ ১৪ এপ্ৰিলত ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল।
তাৰ কেইমাহমানৰ পিছতে ছলমানৰ ঘনিষ্ঠ বন্ধু তথা এন চি পি নেতা বাবা ছিদ্দিকীকো হত্যা কৰা হয়। এই সকলোবোৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল।
এতিয়া ছলমান খানে ধাৰাবাহিকভাৱে লাভ কৰা ভাবুকিৰ ওপৰত নিজৰ মৌনতা ভংগ কৰিছে। তেওঁৰ আগন্তুক ছবি চিকন্দৰৰ প্ৰচাৰ অনুষ্ঠানৰ সময়ত সাংবাদিকৰ সৈতে কথা পাতি তেওঁ মৃত্যুৰ ভাবুকিৰ বিষয়ে কয়।
ছলমান খানে কয় যে ভগৱান, আল্লাহ সকলো সমান, যি বয়স লিখা হৈছে সেয়া ইমানেই। অৰ্থাৎ ঈশ্বৰ, আল্লাহ, সকলো তেওঁৰ ওপৰতে নিৰ্ভৰশীল, যি বয়স লিখা হৈছে সেয়াই হ’ব।
নিৰাপত্তা বৃদ্ধিৰ প্ৰয়োজনীয়তাই সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহ স্বীকাৰ কৰি তেওঁ কয় যে কেতিয়াবা ইমানবোৰ মানুহৰ সৈতে ঘূৰি ফুৰাটোৱেই সমস্যা হৈ পৰে।
উল্লেখ্য যে কিছুদিন পূৰ্বে অভিনেতা ছলমান খানৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ বান্দ্ৰা ঘৰ গেলাক্সি এপাৰ্টমেণ্টত কিছু কাম কৰা হৈছিল।সূত্ৰ অনুসৰি ঘৰৰ খিৰিকীতো বুলেট প্ৰুফ গ্লাছ লগোৱা হৈছে।
ইয়াৰ উপৰিও গেলাক্সিৰ চাৰিওফালে আৰু তেওঁৰ ঘৰৰ ওচৰত হাই টেক ছিকিউৰিটি চিষ্টেম স্থাপন কৰাৰ লগতে হাই ৰিজ’লিউচন চিচিটিভি কেমেৰাও স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও সমগ্ৰ এপাৰ্টমেণ্টটোৰ কাষে কাষে উচ্চ নিৰাপত্তাৰক্ষীৰ ট্ৰেচ স্থাপন কৰা হৈছে।