কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী ফলাফলৰ পাছতেই লাগিছে খেলিমেলি। সাধাৰণ সম্পাদক পদৰ বাবে সোমবাৰে কটনত হ’ব পুনৰ ভোটগণনা।শুকুৰবাৰে হোৱা ভোটগণনাত সাধাৰণ সম্পাদকৰ পদত জয়ী হৈছিল নীৰৱ হাজৰীকা । আৰু এটা ভোটত পৰাস্ত হৈছিল কুলদ্বীপ গৌতম শৰ্মা । তাৰ পিছতেই কুলদ্বীপৰ সমৰ্থকে পুনৰ ভোটগণনাৰ দাবী কৰিছিল ।বাতিল হোৱা ২৭ টা ভোটৰ ৭ টা ভোট দিয়া আছিল ৰঙা চিয়াঁহীৰে। কিন্তু জাননীত উল্লেখ নাছিল ৰঙা চিয়াঁহীৰে বেলটত ভোট দিব নোৱাৰিব বুলি। এই অভিযোগ RKB ছাত্ৰাৱাসৰ আৱাসীৰ। বিয়লিৰ পৰা পুৱতিনিশালৈ ছাত্ৰ-ছাত্ৰীৰে আলোচনাৰ অন্তত কৰ্তৃপক্ষই ল’লে পুনৰ ভোটগণনাৰ সিদ্ধান্ত। বিসংগতিৰ পিছতে RKB ছাত্ৰাৱাসৰ ছাত্ৰসকলে পুৱতিনিশালৈকে আৱদ্ধ কৰি ৰাখিছিল উপাচাৰ্য গৰাকীক। পুনৰ ভোটগণনাৰ বাবে প্ৰতিবাদো কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে। অৱশেষত ৭ অক্টোবৰত পুনৰ হ’ব সা: সম্পাদক পদৰ ভোটগণনা ।