মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ধেমাজি আৰু তিনিচুকীয়া জিলাৰ এন ডি এৰ প্ৰাৰ্থীৰ সমৰ্থনত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰে । এই সময়ছোৱাত তেওঁ কংগ্ৰেছক লক্ষ্য কৰি কঠোৰ সমালোচনা কৰে । ধেমাজিত এখন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কংগ্ৰেছে এতিয়া নিজৰ নিৰ্বাচনী প্ৰতীক হাতৰ পৰা লুঙীলৈ সলনি কৰিব লাগে ।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কংগ্ৰেছৰ শাসনকালত কেৱল লুঙী, ধুতী, সূতা আৰু আঠুৱাহে উপলব্ধ আছিল । কলেজত বিনামূলীয়া নামভৰ্তি নাছিল, দশম শ্ৰেণীৰ প্ৰ পত্ৰ পূৰণ কৰিবলৈ টকাৰ প্ৰয়োজন হৈছিল, কোনো আঁচনি নাছিল । তেওঁ কয় কিন্তু আমাৰ চৰকাৰে বিনামূলীয়া চাউল, অৰুণোদয় আঁচনি, চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়, শক্তিশালী মথাউৰি আদিৰ সুবিধা প্ৰদান কৰিছে ।
বিজেপিৰ কৰ্মসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী শৰ্মাই-
মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে আমাৰ এজেণ্ডা স্পষ্ট, প্ৰতিখন গাঁৱক আদৰ্শ গাঁও কৰি উন্নয়নৰ গতি ত্বৰান্বিত কৰা । লগতে তেওঁ দাবী কৰে যে বিগত চাৰি বছৰত কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ ডেৰ লাখ চৰকাৰী চাকৰি দিয়া হৈছে । তেওঁ কয় যে প্ৰতিটো চাকৰিৰ বাবে যদি মই এক লাখ টকা লওঁ তেন্তে ১৫ হাজাৰ কোটি টকা সংগ্ৰহ কৰিলোহেঁতেন । কিন্তু আমি টকা লোৱা নাই, আমি জনসাধাৰণৰ সেৱা কৰি আছো । টকা লোৱা সকলক শাস্তি দিয়া হ’ব ।