বিগত ২৪ ঘণ্টাত ওড়িশাত প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু শিলাবৃষ্টিয়ে বহু জিলাত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজ্ৰপাতৰ ফলত দুজন লোক নিহত হোৱাৰ বিপৰীতে ৬৭ জন আহত হয় । একে সময়তে ছশৰো অধিক ঘৰৰ ক্ষতিসাধন হৈছে ।
বজ্ৰপাতৰ ফলত দুজন নিহত, আহত কেইবাজনো-
শনিবাৰে গঞ্জাম আৰু পুৰী জিলাত বজ্ৰপাতৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাইছে । একে সময়তে ময়ুৰভঞ্জ জিলাত শিলাবৃষ্টিৰ ফলত ৬৭ জন লোক আহত হয় । ইয়াৰে ৭ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
গঞ্জাম জিলাৰ পাত্ৰপুৰ ব্লকৰ নাৰায়ণপুৰ গাঁৱত বজ্ৰপাতৰ ফলত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হয় । ঘৰলৈ উভতি আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় । পুৰী জিলাৰ গোবৰধনপুৰ গাঁৱত বজ্ৰপাতৰ খুন্দাত ২৩ বছৰীয়া এজন লোকৰো মৃত্যু হয় । মাক-দেউতাকৰ লগত পথাৰৰ পৰা পানী উলিয়াবলৈ যোৱাৰ সময়তে এই কৰুণ ঘটনা সংঘটিত হয় ।
শিলাবৃষ্টিৰ ধুমুহাৰ বিধ্বংসী ৰূপ-
ময়ুৰভঞ্জ জিলাত হোৱা প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত ছশৰো অধিক ঘৰৰ ক্ষতিসাধন হয় । জিলা প্ৰশাসনে কয় যে বিছয় আৰু বাংগীৰিপোছি ব্লকত ৩৫০টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ বিপৰীতে ২৫০টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । বিছয়ৰ ১৮খন গাঁও আৰু বাংগীৰিপোছিৰ ৩৯খন গাঁও এই দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ।
সাহায্যৰ কাম আৰম্ভ, শীঘ্ৰেই দিয়া হ’ব ক্ষতিপূৰণ-
ময়ূৰভঞ্জৰ জিলা উপায়ুক্ত হেমা কান্ত ছায়ে কয় যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য আৰু পুনৰ্বাসন অভিযান আৰম্ভ কৰা হৈছে । ক্ষতিগ্ৰস্ত পৰিয়ালক তিৰপাল, ৰন্ধা আৰু শুকান খাদ্য যোগান ধৰা হৈছে ।