বহুদিন ধৰি অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ বিচ্ছেদৰ খবৰে চৰ্চাত আছে। যেতিয়াৰ পৰা ঐশ্বৰ্য আৰু সমগ্ৰ বচ্চন পৰিয়ালক অনন্ত আম্বানীৰ বিয়াত পৃথকে পৃথকে দেখা গৈছিল, দম্পতীহালৰ বিবাহ বিচ্ছেদৰ বাতৰিও গতি লাভ কৰিবলৈ আৰম্ভ কৰিছিল।
এতিয়া প্ৰথমবাৰৰ বাবে, বচ্চন পৰিয়ালৰ মুৰব্বী আৰু শতিকাৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনে পুত্ৰ আৰু বোৱাৰীৰ মাজৰ সম্পৰ্কৰ ওপৰত নীৰৱতা ভংগ কৰিছে। তেওঁৰ শেহতীয়া এটা ব্লগত, বহুতো বিষয়ৰ প্ৰতি ইংগিতৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। য’ত তেওঁ পৰিয়ালটোৰ বিষয়েও কৈছিল।
বৃহস্পতিবাৰে আবেলি, অমিতাভ বচ্চনে এটা ব্লগ লিখিছিল। য’ত তেওঁ স্পষ্টকৈ কৈছিল যে উৰাবাতৰিবোৰ মিছাই হয়। প্ৰশ্নবোধক চিহ্ন এটা দিলেই ই সঁচা হৈ নাযায়।
অমিতাভ বচ্চনে লিখিছিল যে, “জীৱনত ইয়াৰ উপস্থিতিত বিশ্বাস কৰিবলৈ যথেষ্ট সাহস আৰু সততাৰ প্ৰয়োজন। মই পৰিয়ালৰ বিষয়ে কেতিয়াবাহে কথা পাওঁ।
কাৰণ এইবোৰ মোৰ ঘৰৰ ভিতৰুৱা কথা। আৰু মোৰ গোপনীয়তা বজাই ৰখাৰ অধিকাৰ আছে। উৰাবাতৰিবোৰ উৰাবাতৰিয়েই। মিছা কথাবোৰ উৰাবাতৰিৰ ৰূপত বিয়পি পৰে, সেয়াও কোনো প্ৰমাণ অবিহনেই।
অমিতাভ বচ্চনে পৰিয়ালটোৰ ওপৰত কোনো তদন্ত অবিহনেই বহু লোকে জল্পনা-কল্পনা কৰি থকাৰ ওপৰতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।
কাৰো নাম নোলোৱাকৈ তেওঁ কৈছিল যে, “তেওঁলোক যি ধৰণৰ বৃত্তিত আছে, তেওঁলোকে নিজৰ কথাবোৰ পৰীক্ষা কৰা উচিত। তেওঁলোকে সত্যতা পৰীক্ষা নকৰে। মই ইয়াত কাকো সলনি কৰিবলৈ অহা নাই। এইটো তেওঁলোকৰ পচন্দৰ বৃত্তি। ‘
অভিনেতা গৰাকীয়ে লগতে কয় “কিন্তু মিছা কথা সদায় মিছা হৈয়ে থাকে। প্ৰশ্নবোধক চিহ্ন এটা ৰখাটোৱে ইয়াক সঁচা নকৰে। হয়তো তেওঁলোক প্ৰশ্নবোধক চিহ্ন ৰাখি আইনীভাৱে নিজকে সুৰক্ষিত কৰে। কিন্তু প্ৰশ্নবোধক চিহ্নৰ সৈতে প্ৰথমেই আলোচনাটো কৰে”।
“আপুনি কি লিখিব বিচাৰে লিখক… কিন্তু যেতিয়া আপুনি আপোনাৰ কথাৰ সন্মুখত প্ৰশ্নবোধক চিহ্ন এটা ৰাখে, তেতিয়া এইটো স্পষ্ট হয় যে আপুনি লিখাটো সন্দেহজনক”।
অমিতাভ বচ্চনে কাৰো নাম নোলোৱাকৈ তেওঁৰ গোটেই পৰিয়ালটোৰ বিষয়ে অৰ্থহীন বাতৰিৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।তেওঁ স্পষ্ট কৰি দিছিল যে প্ৰশ্নবোধক চিহ্নৰে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে বহুতো প্ৰবন্ধ প্ৰকাশ কৰা হৈছে।