প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে (২৩ নৱেম্বৰ) মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) চমৎকাৰ বিজয়ৰ প্ৰশংসা কৰি কয় যে ই উন্নয়ন আৰু সুশাসনৰ জয় । তেওঁ কয়, “মহাৰাষ্ট্ৰৰ মোৰ ভাই-ভনীসকলক, বিশেষকৈ ৰাজ্যখনৰ যুৱ আৰু মহিলাসকলক এন ডি এক ঐতিহাসিক জনাদেশ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ । এই মৰম আৰু আদৰ অতুলনীয় ।” লগতে প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক বিধানসভা নিৰ্বাচনত তেওঁৰ দলৰ বিজয়ৰ বাবে অভিনন্দন জনায় ।
প্ৰধানমন্ত্ৰীয়ে এক্স (টুইটাৰ)ত লিখিছে, “উন্নয়নৰ জয়! সুশাসনৰ জয়! একেলগ হৈ আমি আৰু ওপৰলৈ উঠিম ! মহাৰাষ্ট্ৰত থকা মোৰ ভাই-ভনীসকলক, বিশেষকৈ ৰাজ্যখনৰ যুৱ আৰু মহিলাসকলক এন ডি এক ঐতিহাসিক জনাদেশ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো । এই মৰম আৰু আদৰ অতুলনীয় ।” তেওঁ কয় যে মিত্ৰজোঁটে মহাৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে কাম কৰি যাব । প্ৰধানমন্ত্ৰীয়ে বিভিন্ন লোকসভা আৰু বিধানসভা উপ-নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী বাছনি কৰাৰ বাবে ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰে ।
Development wins!
— Narendra Modi (@narendramodi) November 23, 2024
Good governance wins!
United we will soar even higher!
Heartfelt gratitude to my sisters and brothers of Maharashtra, especially the youth and women of the state, for a historic mandate to the NDA. This affection and warmth is unparalleled.
I assure the…
‘এন ডি এৰ কৰ্মকৰ্তাক ধন্যবাদ’-
প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়, “এন ডি এৰ জনবন্ধুত্বপূৰ্ণ প্ৰচেষ্টা সকলোতে প্ৰতিধ্বনিত হৈছে ! বিভিন্ন উপ-নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ দিয়াৰ বাবে বিভিন্ন ৰাজ্যৰ জনসাধাৰণক ধন্যবাদ জনাইছো । তেওঁলোকৰ সপোন আৰু আকাংক্ষা পূৰণৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ ত্ৰুটি নাৰাখোঁ ।” ইয়াৰ উপৰিও এন ডি এৰ কৰ্মকৰ্তা সকলক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি ৰাইজৰ মাজত গৈ দলৰ সুশাসনৰ এজেণ্ডা বিশদভাৱে প্ৰকাশ কৰে ।
হেমন্ত ছোৰেনক অভিনন্দন-
ঝাৰখণ্ডৰ নিৰ্বাচনৰ ফলাফলক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে । ঝাৰখণ্ডৰ নিৰ্বাচনত জে এম এমৰ বিজয়ৰ বাবে হেমন্ত ছোৰেনক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “আমাৰ প্ৰতি ঝাৰখণ্ডৰ জনসাধাৰণে সহায় আগবঢ়োৱাৰ বাবে ধন্যবাদ জনাইছো । মানুহৰ সমস্যা উত্থাপন আৰু ৰাজ্যৰ বাবে কাম কৰাত আমি সদায় শ্ৰেষ্ঠ হৈ আহিছো । ৰাজ্যখনত কৰা প্ৰদৰ্শনৰ বাবে জে এম এম নেতৃত্বাধীন মিত্ৰজোঁটক অভিনন্দন জনাইছো ।”
I thank the people of Jharkhand for their support towards us. We will always be at the forefront of raising people’s issues and working for the state.
— Narendra Modi (@narendramodi) November 23, 2024
I also congratulate the JMM-led alliance for their performance in the state. @HemantSorenJMM
উল্লেখ্য যে, বৃহৎ জয়েৰে মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ দিশত আগবাঢ়িছে বিজেপি নেতৃত্বাধীন মহায়ুতী মিত্ৰজোঁট । ২০ নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনৰ গণনাৰ তথ্য অনুসৰি এই পৰ্যন্ত ১৭০খন আসন লাভ কৰি মিত্ৰজোঁটটোৱে ২৮৮খন বিধানসভাৰ আসনৰ ভিতৰত ৬৩ খন আসনত আগবাঢ়ি আছে । বিৰোধী দল মহা বিকাশ আঘাড়ীৰ প্ৰাৰ্থীয়ে মাত্ৰ ৩৬খন আসন লাভ কৰি ১৩খন আসনত আগবাঢ়ি আছে । একে সময়তে ঝাৰখণ্ডত ৮১ জনীয়া ৰাজ্যিক বিধানসভাত হেমন্ত ছোৰেনৰ নেতৃত্বাধীন জে এম এম মিত্ৰজোঁটে ৩৮খন আসন লাভ কৰি ১৮ খন আসনত আগবাঢ়ি আছে । একে সময়তে বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহে ১৭ খন আসন লাভ কৰি আন ৭ খন আসনত আগবাঢ়ি আছে ।