ভাৰতৰ ৫ জন মহান বেটছমেন আছে যিয়ে তেওঁলোকৰ এদিনীয়া কেৰিয়াৰৰ প্ৰথমখন খেলত শূন্য ৰাণত আউট হৈছিল । এদিনীয়া ক্ৰিকেটত এই ৫ জন বেটছমেনৰ আৰম্ভণি অতি দুখজনক হ’ব পাৰে, কিন্তু পিছলৈ তেওঁলোকে সফলতাৰ শিখৰ স্পৰ্শ কৰিছিল । এই ৫ জন মহান বেটছমেন এদিনীয়া অভিষেকত শূন্য ৰাণত আউট হ’ব পাৰে, কিন্তু পিছলৈ তেওঁলোক বলাৰসকলৰ বাবে দুঃস্বপ্ন হৈ পৰিছিল । এই ৫ জন বেটছমেনৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক-
শচীন টেণ্ডুলকাৰ-
শচীন টেণ্ডুলকাৰে ১৯৮৯ চনৰ ১৮ ডিচেম্বৰত গুজৰাণৱালাত পাকিস্তানৰ বিৰুদ্ধে এদিনীয়াত অভিষেক ঘটায় । এদিনীয়া কেৰিয়াৰৰ প্ৰথমখন মেচতে শূন্যত আউট হৈছিল শচীন টেণ্ডুলকাৰ । এই মেচখনত শচীন টেণ্ডুলকাৰে ৫ নম্বৰত বেটিং কৰিবলৈ আহিছিল আৰু তেওঁ নিজৰ একাউণ্ট নোখোলাকৈয়ে পেভিলিয়নলৈ উভতি আহিছিল । পাকিস্তানৰ বিৰুদ্ধে এই খেলখনত ভাৰত ৭ ৰানত পৰাস্ত হৈছিল । শচীন টেণ্ডুলকাৰ হয়তো এদিনীয়া অভিষেকত শূন্যত আউট হৈছিল যদিও পিছলৈ তেওঁ বলাৰৰ বাবে দুঃস্বপ্ন হৈ পৰিছিল । ৱান ডে ইণ্টাৰনেশ্যনেল (১৮,৪২৬)ত সৰ্বাধিক ৰান সংগ্ৰহৰ বিশ্ব অভিলেখ আছে শচীন টেণ্ডুলকাৰৰ । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এশটা শতক অৰ্জন কৰিছে শচীন টেণ্ডুলকাৰে ।
মহেন্দ্ৰ সিং ধোনী-
২০০৪ চনৰ ২৩ ডিচেম্বৰত চট্টগ্ৰামত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়াত অভিষেক ঘটায় মহেন্দ্ৰ সিং ধোনীয়ে । এদিনীয়া কেৰিয়াৰৰ প্ৰথমখন মেচতে শূন্যত আউট হৈছিল মহেন্দ্ৰ সিং ধোনী । এদিনীয়া অভিষেক মেচত ৰান আউট হৈছিল মহেন্দ্ৰ সিং ধোনী । এই মেচখনত মহেন্দ্ৰ সিং ধোনীয়ে ৪ নম্বৰত বেটিং কৰিবলৈ আহিছিল আৰু তেওঁ নিজৰ একাউণ্ট নোখোলাকৈয়ে পেভিলিয়নলৈ উভতি আহিছিল । বাংলাদেশৰ বিৰুদ্ধে এই খেলখনত ভাৰতে ১১ ৰানত জয়লাভ কৰিছিল । মহেন্দ্ৰ সিং ধোনীয়ে ৩৫০খন এদিনীয়া খেলত ১০,৭৭৩ ৰান সংগ্ৰহ কৰিছে ।
সুৰেশ ৰাইনা-
সুৰেশ ৰাইনাই ২০০৫ চনৰ ৩০ জুলাইত ডাবুল্লাত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়াত অভিষেক ঘটায় । এদিনীয়া কেৰিয়াৰৰ প্ৰথমখন মেচতে শূন্যত আউট হৈছিল সুৰেশ ৰাইনা । সুৰেশ ৰাইনাক এল বি ডব্লিউ কৰিছিল শ্ৰীলংকাৰ মহান স্পীনাৰ মুথয়া মুৰালীধৰণে । ভাৰতৰ বিৰুদ্ধে এই খেলখনত শ্ৰীলংকাই ৩ উইকেটত জয়লাভ কৰিছিল । সুৰেশ ৰাইনা হয়তো এদিনীয়া অভিষেকত শূন্যত আউট হৈছিল কিন্তু পিছলৈ তেওঁ বলাৰসকলৰ বাবে দুঃস্বপ্ন হৈ পৰিছিল । সুৰেশ ৰাইনাই ২২৬খন এদিনীয়া খেলত ৫,৬১৫ ৰান সংগ্ৰহ কৰিছে ।
শিখৰ ধাৱান-
শিখৰ ধাৱানে ২০১০ চনৰ ২০ অক্টোবৰত বিশাখাপট্টনমত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়াত অভিষেক ঘটায় । এদিনীয়া কেৰিয়াৰৰ প্ৰথমখন মেচতে শূন্যত আউট হৈছিল শিখৰ ধাৱান । শিখৰ ধাৱানক ক্লিন বল্ড কৰিছিল অষ্ট্ৰেলিয়াৰ বেগী বলাৰ ক্লিণ্ট মেককে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই খেলখনত ভাৰতে ৫ উইকেটত জয়লাভ কৰে । শিখৰ ধাৱানে ১৬৭খন এদিনীয়া খেলত ৬,৭৯৩ ৰান সংগ্ৰহ কৰিছে । এদিনীয়া ক্ৰিকেটত শিখৰ ধাৱানে ১৭টা শতক অৰ্জন কৰিছে ।
কৃষ্ণমচাৰী শ্ৰীকান্ত-
ভাৰতৰ প্ৰাক্তন অধিনায়ক কৃষ্ণমাচাৰী শ্ৰীকান্তে ১৯৮১ চনৰ ২৫ নৱেম্বৰত আহমেদাবাদত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়াত অভিষেক ঘটায় । এদিনীয়া কেৰিয়াৰৰ প্ৰথমখন মেচতে শূন্যত আউট হৈছিল কৃষ্ণমাচাৰী শ্ৰীকান্ত । ইংলেণ্ডৰ মহান অলৰাউণ্ডাৰ ইয়ান বাথামে কৃষ্ণমাচাৰী শ্ৰীকান্তক আউট কৰে । ইংলেণ্ডৰ বিৰুদ্ধে এই এদিনীয়া খেলখনত ভাৰতে ৫ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । কৃষ্ণমাচাৰী শ্ৰীকান্তে ১৪৬খন এদিনীয়া খেলত ৪,০৯১ ৰান সংগ্ৰহ কৰিছে । কৃষ্ণমাচাৰী শ্ৰীকান্তে এদিনীয়া ক্ৰিকেটত ৪টা শতক অৰ্জন কৰিছে ।