বাংলাদেশৰ এখন আদালতে শনিবাৰে দেশখনৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনা আৰু ২৩জন লোকৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা হত্যাকাণ্ডৰ তদন্তৰ প্রতিবেদন ২৮ নৱেম্বৰৰ ভিতৰত দাখিল কৰিবলৈ আৰক্ষীক নির্দেশ দিয়ে ৷ এই তথ্য সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছে । ঢাকাৰ মিৰপুৰত এজন ১৮ বছৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰৰ মৃত্যুৰ সন্দৰ্ভত হত্যাৰ গোচৰটো ৰুজু কৰা হৈছে । ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত হোৱা ব্যাপক প্ৰতিবাদৰ বাবে হাছিনা নেতৃত্বাধীন আৱামী লীগ চৰকাৰে চলোৱা অভিযানৰ সময়ত ছাত্ৰজন নিহত হৈছিল ।
প্ৰতিবাদৰ বাবে দেশ ত্যাগ কৰে শ্বেখ হাছিনাই-
এই প্ৰতিবাদৰ বাবে, হাছিনাই প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিব লগা হৈছিল । ৭৭ বছৰীয়া হাছিনাই চৰকাৰী চাকৰিৰ বাবে বিতৰ্কিত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে হোৱা হিংসাত্মক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ৫ আগষ্টত দেশ ত্যাগ কৰি ভাৰতলৈ ৰাওনা হয় । ডেইলী ষ্টাৰ বাতৰি কাকতৰ বাতৰি অনুসৰি ঢাকাৰ অতিৰিক্ত মুখ্য মেট্ৰ’পলিটান মেজিষ্ট্ৰেট মোঃ জিয়াদুৰ ৰহমানে ২৮ নৱেম্বৰৰ ভিতৰত তদন্ত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছে ।
সমগ্ৰ বিষয়টো কি-
মৃতকৰ ভাতৃয়ে ১৫ আগষ্টত এটা অভিযোগ দাখিল কৰি দাবী কৰিছিল যে গোচৰটোৰ অভিযুক্তসকল হয় পোনপটীয়াকৈ জড়িত আছিল বা হিংসাত সহায় কৰিছিল যাৰ ফলত তেওঁৰ ভাতৃৰ মৃত্যু হৈছিল আৰু আন শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হৈছিল । হাছিনাৰ উপৰিও প্ৰাক্তন অভ্যন্তৰীণ মন্ত্ৰী আছাদুজ্জমান খান, আৱামী লীগৰ সাধাৰণ সম্পাদক ওবাইডুল কাদেৰ, প্ৰাক্তন আইন মন্ত্ৰী আনিছুল হক আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক চৌধুৰী আব্দুল্লাহ আল-মামুনকো গোচৰটোত অভিযুক্ত কৰা হৈছে ।
কিমানটা গোচৰ পঞ্জীয়ন কৰা হৈছে ?
প্ৰতিবেদন অনুসৰি, হাছিনাই ২২৫ টা গোচৰৰ সন্মুখীন হৈছে যাৰ ভিতৰত আছে হত্যাৰ ১৯৪ টা, মানৱতাৰ বিৰুদ্ধে অপৰাধৰ ১৬ টা আৰু গণহত্যাৰ ১৬ টা, অপহৰণৰ তিনিটা, হত্যাৰ চেষ্টাৰ ১১ টা গোচৰ আৰু এটা বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ এক ৰেলীত হোৱা আক্ৰমণৰ সৈতে সম্পৰ্কিত ।