বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিপদ কমি অহাৰ কোনো লক্ষণ দেখা পোৱা নাই । এতিয়া আৱাসিক প্লট কেলেংকাৰীৰ গোচৰত ঢাকা মেট্ৰ’পলিটান জ্যেষ্ঠ বিশেষ ন্যায়াধীশ আদালতে শ্বেখ হাছিনা, তেওঁৰ পুত্ৰ ছাজিব ৱাজেদ আৰু আন ১৬ জনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে । ইয়াৰ পূৰ্বে দেওবাৰে (১৩ এপ্ৰিল ২০২৫) ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰি মাটি অধিগ্ৰহণ কৰাৰ অভিযোগত শ্বেখ হাছিনা, তেওঁৰ ভগ্নী শ্বেখ ৰেহানা আৰু ভতিজী টিউলিপ ছিদ্দিকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল ।
ঘটনাটো কি ?
পূৰ্বাঞ্চল নিউ টাউনত প্লট অধিগ্ৰহণৰ ক্ষেত্ৰত সংঘটিত হোৱা অনিয়মৰ দুটা গোচৰত দুৰ্নীতি বিৰোধী আয়োগৰ অভিযোগনামা শুনানি গ্ৰহণ কৰি আদালতে এই ৱাৰেণ্ট জাৰি কৰিছে । বিচাৰ বিভাগৰ অধিবক্তাগৰাকীৰ মতে, অভিযুক্তৰ অধিকাংশই আছিল চৰকাৰী বিষয়া ।
আদালতৰ এগৰাকী বিষয়াই কয় যে ন্যায়াধীশ জাকিৰ হুছেইনে ৰাজধানী ঢাকা আৰু সমগ্ৰ দেশৰ বিভিন্ন আৰক্ষী থানাক শ্বেখ হাছিনা আৰু অন্যান্য অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেই সন্দৰ্ভত ২৯ এপ্ৰিলত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল । আদালতে কৰ্তৃপক্ষক এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ কয়, যাৰ উত্তৰত এ চি চিয়ে তেওঁক পলাতক বুলি কয় ।
ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১৩ এপ্ৰিল (দেওবাৰ)ত বাংলাদেশৰ ঢাকা মেট্ৰ’পলিটানৰ জ্যেষ্ঠ বিশেষ ন্যায়াধীশ জাকিৰ হুছেইনে ষড়যন্ত্ৰ কেলেংকাৰীৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত শ্বেখ হাছিনা, তেওঁৰ ভগ্নী শ্বেখ ৰেহানা, ব্ৰিটিছ সাংসদ তথা ভতিজী টিউলিপ ৰিজোৱানা ছিদ্দিকী আৰু আন ৫০ জনৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছিল ।
ভাৰতত আশ্ৰয় গ্ৰহণ শ্বেখ হাছিনাৰ-
২০২৪ চনত বাংলাদেশত সংঘটিত হিংসাত্মক আন্দোলনৰ পিছত শ্বেখ হাছিনাই ভাৰতত আশ্ৰয় লৈছিল । ২০২৪ চনৰ ৫ আগষ্টৰ পৰা ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আহিছে হাছিনাই । আন্দোলন ইমানেই হিংসাত্মক আছিল যে ১৬ বছৰীয়া আৱামি লীগৰ শাসন আঁতৰাই পেলোৱা হৈছিল । মহম্মদ ইউনুছে আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক হাছিনাক প্ৰত্যাৰ্পণ কৰিবলৈ অনুৰোধ জনাইছে ।