প্ৰতিজন ব্যক্তিয়েই বিচাৰে এটি সুন্দৰ স্বাস্থ্য । কিন্তু বৰ্তমান সময়ত যেন ৰোগমুক্ত এটা শৰীৰ সকলোৰে সপোন।পিছে এটা সুন্দৰ স্বাস্থ্যৰ বাবে আপুনি কৰিব লাগিব কিছু কাম ।
পৰ্যাপ্ত নিদ্ৰা: টোপনিৰ অভাৱৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। যেনে-ওজন বৃদ্ধি , ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা । সেয়েহে সুস্বাস্থ্যৰ বাবে আপুনি প্ৰতিদিনে প্ৰায় সাতৰ পৰা আঠ ঘণ্টা পৰ্যাপ্ত টোপনি যাব লাগিব ।
পৰ্যাপ্ত পানী খাব- পুৱা খালী পেটত কুহুমিয়া পানী খাব লাগে । এই কুহুমিয়া পানীয়ে শৰীৰৰ পৰা অলাগতীয়াল বিষাক্ত পদাৰ্থ সমূহ নি: সৰণত সহায় কৰে।
নিয়মীয়া শাৰীৰিক ব্যায়াম – উপযুক্ত ব্যায়াম আৰু খেল-ধেমালীয়ে মানুহৰ দেহটো সতেজ,সুস্থ আৰু শক্তিশালী কৰি ৰাখে । পুৰুষৰ লগতে মহিলাসকলেও স্বাস্থ্য আৰু সৌন্দয্য ঠিক কৰি ৰাখিবলৈও ব্যায়াম কৰাটো প্ৰয়োজনীয়।
পুৱাৰ আহাৰত কি কি খাব নালাগে- পুৱাৰ আহাৰত কেতিয়াও বগা পাও ৰুটি , ফলৰ ৰস , মিঠা দৈ , মিঠা শস্য খাব নালাগে।
দৈনিক এটাকৈ ফল খাব- দৈনিক এটাকৈ ফল খোৱাৰ নিয়ম বনাওক । ইয়াৰ ফলত আপুনি কেৱল সুস্থ হৈ থকাই নহয়, শৰীৰত শক্তিও থাকিব । ফল-মূল খালে বহু গুৰুতৰ ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।
খোজ কাঢ়িব লাগে- ফিট আৰু সুস্থ হৈ থাকিবলৈ আপোনাৰ ৰুটিনত খোজকঢ়াটো অন্তভুৰ্ক্ত কৰাটো গুৰুত্বপূৰ্ণ।প্ৰতিদিনে প্ৰায় ২০ৰ পৰা ৩০ মিনিট সময় খোজকাঢ়িলে কেৱল ফিট হৈ থকাই নহয় ৰোগৰ পৰাও ৰক্ষা পৰিব ।