মহিলাসকলৰ বাবে চৰকাৰৰ বৃহৎ সুবিধা। ৫ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব মহিলাসকলে। এই আঁচনিৰ জৰিয়তে মহিলাসকলে কৰিব পাৰিব নিজাকৈ ব্যৱসায়।
ভাৰত চৰকাৰে দেশৰ নাগৰিকসকলৰ বাবে বিভিন্ন সময়ত বিভিন্ন আঁচনি প্ৰণয়ন কৰি আহিছে। চৰকাৰে বিভিন্ন লোকৰ প্ৰয়োজনীয়তাক প্ৰাধান্য দি আঁচনিসমূহ মুকলি কৰা দেখা যায়। নাৰী সবলীকৰণ আৰু নাৰীৰ আত্মনিৰ্ভৰশীলতাৰ উদ্দেশ্যেৰে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈ আহিছে।
এইবাৰ ভাৰত চৰকাৰে মহিলাসকলক আৰ্থিকভাৱে সক্ষম কৰি তুলিবলৈ নতুন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত মহিলাসকলক ৫ লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰিব চৰকাৰে। এই ঋণৰ কোনো সুদ দিব নাালাগে মহিলাসকলে, সম্পূৰ্ণৰূপে সুদমুক্ত হ’ব এই ঋণ।
লাখপতি দিদি যোজনাত চৰকাৰে দিব ৫ লাখ টকা। ভাৰত চৰকাৰে মহিলা সবলীকৰণৰ প্ৰসাৰৰ বাবে যোৱা বছৰৰ ১৫ আগষ্টৰ পৰা লখপতি দিদি যোজনা আৰম্ভ কৰিছিল। এই আঁচনিৰ লক্ষ্য হৈছে মহিলাসকলক আৰ্থিকভাৱে সবলীকৰণ আৰু ব্যৱসায় স্থাপন কৰাত সহায় কৰা। এই আঁচনিৰ সুবিধা ল’বলৈ মহিলাসকলে আত্মসহায়ক গোটত যোগদান কৰিব লাগিব।
এই গোটত অন্তৰ্ভুক্ত মহিলাসকলকো চৰকাৰে দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়ে। ইয়াৰ লগতে তেওঁলোকক আৰ্থিক সাহায্যও দিয়া হয়। লগতে প্ৰশিক্ষণৰ সময়ত মহিলাসকলৰ দক্ষতা বিকাশত সহায় হয়।
লাখপতি দিদি যোজনাৰ অধীনত আত্মসহায়ক গোটত যোগদান কৰাৰ পিছত মহিলাগৰাকীয়ে ব্যৱসায়ীক পৰিকল্পনা বনাব লাগিব। ইয়াৰ পিছত সেই ব্যৱসায়ীক পৰিকল্পনা আত্মসহায়ক গোটৰ জৰিয়তে চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব। চৰকাৰী বিষয়াসকলে আবেদন পুনৰীক্ষণ কৰিব। ইয়াৰ পিছত আবেদন অনুমোদন হ’লে ৫ লাখ টকা পৰ্যন্ত সুদমুক্ত ঋণ দিয়া হ’ব।