বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় মহিলা দলে তৃতীয়বাৰৰ বাবে চীনক পৰাস্ত কৰি খিতাপ জয় কৰিছে।ফাইনেলত ভাৰতে চীনক ১-০ গ’লত পৰাস্ত কৰে।
ভাৰতীয় খেলুৱৈসকলে দুৰ্দান্ত প্ৰদৰ্শন কৰাৰ লগতে বেছিভাগ সময় বলটো তেওঁলোকৰ নিয়ন্ত্ৰণত ৰাখিছিল। আনহাতে, চীনৰ খেলুৱৈসকলে খেলখনত এটাও গ’ল কৰিব নোৱাৰিলে।দীপিকাই ভাৰতৰ হৈ খেলখনৰ একমাত্ৰ গ’লটো কৰে আৰু তেওঁৰ গ’লৰ সহায়ত ভাৰতে খিতাপ জয় কৰাত সফল হয়।
চেলিমা টেটৰ নেতৃত্বত ভাৰতৰ মহিলা দলে এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৪ত আধিপত্য বজাই ৰাখিছিল আৰু গোটেই প্ৰতিযোগিতাখনত এখনো মেচত পৰাস্ত হোৱা নাছিল।ছেমি ফাইনেলটো ভাৰতে জাপানক পৰাস্ত কৰিছিল।
ভাৰতে তৃতীয়বাৰৰ বাবে এছিয়ান চেম্পিয়নছ ট্ৰফীৰ খিতাপ নিজৰ নামত কৰিলে।ইয়াৰ সৈতে, ভাৰতে দক্ষিণ কোৰিয়াৰ সমকক্ষ হৈছে। দক্ষিণ কোৰিয়াই তিনিবাৰ এচিটি চেম্পিয়নছ ট্ৰফী জিকিছিল।
এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৪-ত, ভাৰতে পাঁচখন মেচ খেলিছিল আৰু আটাইকেইখনতেই জয় লাভ কৰিছিল। অৰ্থাৎ দলটোৱে এখনো মেচ ত পৰাজিত নোহোৱাকৈ চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।
চীনা দলটোৱে পাঁচখন মেচ খেলিছিল, যাৰ ভিতৰত মাত্ৰ এখন হেৰুৱাইছিল আৰু সেইখন আছিল ফাইনেল মেচ। ফাইনেলত চীনৰ খেলুৱৈসকলে ভাৰতৰ সন্মুখত বিশেষ একো প্ৰদৰ্শন কৰিব নোৱাৰিলে।যাৰ বাবে পৰাস্ত হ’ব লগা হয় চীন।