২৩ মাৰ্চ দেওবাৰে তুৰ্কীৰ এখন আদালতে ৰাষ্ট্ৰপতি টাইব এৰদোগানৰ মূল ৰাজনৈতিক প্ৰতিদ্বন্দ্বী তথা ইস্তানবুলৰ মেয়ৰ একৰেম ইমামোগ্লুক দুৰ্নীতিৰ অভিযোগত বিচাৰ চলি থকা অৱস্থাত জেললৈ প্ৰেৰণ কৰে।
ইয়াৰ পিছতে দেশখনত এক দশকৰো অধিক সময়ৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰতিবাদ আৰম্ভ হৈছে।ইমামোগ্লুক জেললৈ পঠোৱাৰ কাৰ্যক ৰাজনৈতিক আৰু অগণতান্ত্ৰিক বুলি সমালোচনা কৰা হৈছে। মূল বিৰোধী দল, ইউৰোপীয় নেতা আৰু লাখ লাখ প্ৰতিবাদকাৰীৰ সমালোচনা।
ইমামোগলুৱে ২০১৯ চনত ইস্তানবুলৰ মেয়ৰ নিৰ্বাচিত হোৱাৰ লগতে যোৱা বছৰ একেটা পদৰ বাবেও নিৰ্বাচনত জয়ী হৈছিল। ইস্তানবুল তুৰ্কিৰ আটাইতকৈ ডাঙৰ চহৰ।
ইয়াৰ জনসংখ্যা প্ৰায় ১.৬ কোটি আৰু ই দেশৰ ব্যৱসায়িক কেন্দ্ৰ। ইয়াত নিৰ্বাচনত জয়ী হৈ ৫৩ বছৰীয়া ইমামোগ্লুৱে তুৰ্কীৰ ৰাজনীতিত ৰাষ্ট্ৰপতি এৰদোগানৰ এক নম্বৰ প্ৰতিদ্বন্দ্বী হৈ পৰিছে।
১৯ মাৰ্চ বুধবাৰে আটক কৰা হৈছিল মেয়ৰ ইমামোগ্লুক। চি এইচ পি দলৰ পৰা অহা ইমামোগ্লুৰ বিৰুদ্ধে কুৰ্দি সমৰ্থক দলৰ সৈতে হোৱা নিৰ্বাচনী চুক্তিৰ বাবে “দুৰ্নীতি” আৰু “এটা সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন”ৰ অভিযোগ উত্থাপন হৈছিল।
আংকাৰাই সন্ত্ৰাসবাদী গোট বুলি অভিহিত কৰা কুৰ্দিস্তান ৱৰ্কাৰছ পাৰ্টি (পিকেকে)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছে।
আদেশত কোৱা হৈছে যে “এক্ৰেম ইমামোগ্লুক এটা অপৰাধী সংগঠন প্ৰতিষ্ঠা আৰু নেতৃত্ব দিয়া, উৎকোচ গ্ৰহণ, দুৰ্নীতি, অবৈধভাৱে ব্যক্তিগত তথ্য লিপিবদ্ধ কৰা আৰু চুক্তি ভুৱা কৰাৰ অপৰাধত আটক কৰা হৈছে” ।
ইমামোগ্লুক ২০২৮ চনৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে চি এইচ পিৰ প্ৰাৰ্থী হিচাপে দেওবাৰে মনোনীত হ’বলগীয়া আছিল, য’ত তেওঁ একমাত্ৰ প্ৰাৰ্থী।
আৰু সেই দিনটোতেই তেওঁক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয়। কেৱল এয়াই নহয়, বুধবাৰে তেওঁক জিম্মাত লোৱাৰ পূৰ্বে তেওঁৰ ডিগ্ৰীও বাতিল কৰা হৈছিল।
ইমামোগ্লুক গ্ৰেপ্তাৰ কৰাৰ পিছতে ২০১৩ চনৰ গেজী প্ৰতিবাদৰ পিছত দেশখনত সৰ্বাধিক প্ৰতিবাদ হয়। ৰাজপথলৈ হাজাৰ হাজাৰ লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।