ফুটবল অনুৰাগীসকলৰ বাবে প্ৰকাশ পাইছে এটা ডাঙৰ খবৰ । এতিয়া চৌদি আৰৱতো অনুষ্ঠিত হ’ব ফুটবল বিশ্বকাপ । উল্লেখ্য যে ফেডাৰেচন ইণ্টাৰনেশ্যনেল ফুটবল এছ’চিয়েশ্যন চমুকৈ ফিফাই ২০৩০ আৰু ২০৩৪ চনৰ ফিফা বিশ্বকাপ আয়োজন কৰবলগীয়া দেশৰ নাম ঘোষণা কৰিছে ।
ফিফাই ফুটবল বিশ্বকাপ ২০৩৪ৰ আয়োজন ছৌদি আৰৱক প্ৰদান কৰিছে । ইয়াৰ উপৰিও ২০৩০ চনৰ ফিফা বিশ্বকাপৰ কথাও ঘোষণা কৰা হৈছে । ২০৩০ চনৰ বিশ্বকাপৰ আয়োজন স্পেইন, পৰ্তুগাল আৰু মৰক্কোক যৌথভাৱে দিয়া হৈছে । এই কথা ঘোষণা কৰিছে ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে ।
Introducing the hosts for the next two editions of the @FIFAWorldCup! 🏆
— FIFA (@FIFAcom) December 11, 2024
Morocco, Portugal and Spain will host in 2030, with centenary celebration matches in Argentina, Paraguay and Uruguay.
Four years later, Saudi Arabia will host the FIFA World Cup 2034™. pic.twitter.com/WdOEdNEVxH
কাটাৰ বিশ্বকাপত চেম্পিয়ন হৈছিল আৰ্জেণ্টিনা-
উল্লেখ্য যে কাটাৰত মাত্ৰ ২ বছৰ আগতে অৰ্থাৎ ২০২২ চনত ফুটবল বিশ্বকাপৰ আয়োজন হৈছিল । পুনৰ এবাৰ এই প্ৰতিযোগিতা এখন আৰব দেশত অনুষ্ঠিত হ’বলৈ গৈ আছে । লিয়নেল মেছিৰ অধিনায়কত্বত আৰ্জেণ্টিনা কাটাৰ বিশ্বকাপত উজলি উঠিছিল । এই দলটোৱে ২০২২ সংস্কৰণৰ খিতাপ দখল কৰিছিল ।
ফিফা বিশ্বকাপ ২০২২ৰ ফাইনেলত আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত ৩-৩ গ’লত সমতা স্থাপন হৈছিল । ইয়াৰ পিছত পেনাল্টি শ্বুটআউট হয়, য’ত আৰ্জেণ্টিনাই ৪-২ গ’লত জয়লাভ কৰে । ইয়াৰ লগে লগে ইতিহাসত তৃতীয়টো বিশ্বকাপ খিতাপ দখল কৰিছিল আৰ্জেণ্টিনাই ।
পৰৱৰ্তী ৩খন ফিফা বিশ্বকাপ এনেদৰে অনুষ্ঠিত হ’ব-
২০২৬ চনৰ বিশ্বকাপঃ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ যৌথ উদ্যোগত
২০৩০ চনৰ বিশ্বকাপঃ স্পেইন, পৰ্তুগাল আৰু মৰক্কোৱে যৌথভাৱে আয়োজন কৰিব
২০৩৪ চনৰ বিশ্বকাপঃ এই বিশ্বকাপ চৌদি আৰৱত অনুষ্ঠিত হ’ব
কাটাৰৰ সফলতাৰ বাবেই আগবাঢ়ি আহিল ছৌদি-
কাটাৰৰ সফলতাৰ পিছত ছৌদি আৰবে নিজৰ দেশত ফুটবলৰ প্ৰচাৰৰ বাবে যথেষ্ট প্ৰেৰণা লাভ কৰিছে । বিশ্বকাপ আয়োজনৰ স্বাৰ্থত ছৌদি আৰবে যোৱা ২-৩ বছৰত ফুটবলৰ বাবে বহু ধন খৰচ কৰিছে । ইয়াত ক্রিষ্টিয়ানো ৰোনাল্ডোৰ দৰে এজন মহান খেলুৱৈক ছৌদি আৰব লীগত ২০ কোটি ডলাৰৰ বাৰ্ষিক চুক্তিৰে অন্তৰ্ভুক্ত কৰাটো এটা ডাঙৰ বিনিয়োগ আছিল ।