শনিবাৰে ৱাশ্বিংটন ডি চিত অনুষ্ঠিত এক অনুষ্ঠানত এফিফা বিশ্বকাপ ২০২৬ৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰা হয় ।
২০২৬ চনৰ ফিফা বিশ্বকাপৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । শনিবাৰে ৱাশ্বিংটন ডি চিত অনুষ্ঠিত এক অনুষ্ঠানত এই ফিফা বিশ্বকাপৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰা হয় । আগন্তুক ফিফা বিশ্বকাপ আমেৰিকা, মেক্সিকো আৰু কানাডাত যৌথভাৱে অনুষ্ঠিত হ’ব । প্ৰথমবাৰৰ বাবে ৪৮টা দলে এইবাৰৰ ফিফা বিশ্বকাপত অংশগ্ৰহণ কৰিব আৰু ই ইতিহাসৰ সৰ্ববৃহৎ বিশ্বকাপ হিচাপে পৰিগণিত হ’ব ।
৩৮ দিনীয়া ফিফা বিশ্বকাপ ১১ জুনত মেক্সিকো চহৰৰ আইকনিক এষ্টাডিঅ’ এজটেকা ষ্টেডিয়ামত আৰম্ভ হ’ব, য’ত মেক্সিকো আৰু দক্ষিণ আফ্ৰিকা উদ্বোধনী মেচত মুখামুখি হ’ব । একেখন ষ্টেডিয়ামতে ১৯৭০ আৰু ১৯৮৬ চনৰ ফিফা বিশ্বকাপৰ উদ্বোধনী মেচ অনুষ্ঠিত হৈছিল । পিছদিনা, ১২ জুনত লছ এঞ্জেলছত পাৰাগুৱেৰ বিৰুদ্ধে আমেৰিকাই ফিফা বিশ্বকাপ ২০২৬ত অভিযান আৰম্ভ কৰাৰ বিপৰীতে কানাডাই টৰন্টোত ইউ এফ এ প্লে অফ এৰ বিজয়ী দলৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব ।
লিয়নেল মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাক ফিফা বিশ্বকাপ ২০২৬ৰ গ্ৰুপ Jত স্থান দিয়া হৈছে । ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই প্ৰথমখন মেচত আলজেৰিয়াৰ বিৰুদ্ধে খেলিব, তাৰ পিছতে অষ্ট্ৰিয়া আৰু জৰ্ডানৰ বিৰুদ্ধে খেলিব । ব্ৰাজিল বনাম মৰক্কো, জাৰ্মানী বনাম কুৰাচাও, নেদাৰলেণ্ড বনাম জাপান, ইংলেণ্ড বনাম ক্ৰ’ৱেচিয়াকে ধৰি অনুৰাগীসকলে কেইবাখনো ডাঙৰ মেচ দেখা পাব । টুৰ্ণামেণ্টৰ মেচসমূহ নিউয়ৰ্ক, হিউষ্টন, মিয়ামি, ভেংকুৱাৰ, ডালাছ আৰু গুৱাডালাজাৰাৰ দৰে চহৰত অনুষ্ঠিত হ’ব ।
ফিফা বিশ্বকাপ ২০২৬ত অংশগ্ৰহণ কৰা ৪৮টা দলক চাৰিজনীয়া ১২টা গ্ৰুপত ভাগ কৰা হৈছে । ইয়াৰ পিছতে ৩২টা দল ৩২ ৰাউণ্ডলৈ আগবাঢ়িব, য’ত নকআউট ৰাউণ্ডৰ আৰম্ভণি হ’ব । ২০২৬ চনৰ ১৯ জুলাইত নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত নতুন বিশ্ব ফুটবল চেম্পিয়ন দলক সমগ্ৰ বিশ্বই দেখিব ।
ফিফা বিশ্বকাপ ২০২৬ৰ সম্পূৰ্ণ সূচী-
১১ জুন-
-মেক্সিকো বনাম দক্ষিণ আফ্ৰিকা (গ্ৰুপ এ) – মেক্সিকো চহৰ
-দক্ষিণ কোৰিয়া বনাম ইউ এফ এ প্লে অফ ডি (গ্ৰুপ এ) – গুৱাডালাজাৰা
১২ জুন-
-কানাডা বনাম ইউ এফ এ প্লে অফ এ (গ্ৰুপ বি)– টৰন্টো
-আমেৰিকা বনাম পাৰাগুৱে (গ্ৰুপ ডি)– লছ এঞ্জেলছ
১৩ জুন-
ব্ৰাজিল বনাম মৰক্কো (গ্ৰুপ চি) – বষ্টন বা নিউয়ৰ্ক/নিউ জাৰ্চি
অষ্ট্ৰেলিয়া বনাম ইউ এফ এ প্লে অফ চি (গ্ৰুপ ডি) – ভেংকুৱাৰ
হাইটি বনাম স্কটলেণ্ড (গ্ৰুপ চি) – বষ্টন বা নিউয়ৰ্ক/নিউ জাৰ্চি
কাটাৰ বনাম ছুইজাৰলেণ্ড (গ্ৰুপ বি) – ছান ফ্ৰান্সিস্কো বে এৰিয়া
১৪ জুন-
জাৰ্মানী বনাম কিউৰাচাও (গ্ৰুপ ই)– ফিলাডেলফিয়া বা হিউষ্টন
আইভৰি কোষ্ট বনাম ইকুৱেডৰ (গ্ৰুপ ই) – ফিলাডেলফিয়া বা হিউষ্টন
নেদাৰলেণ্ড বনাম জাপান (গ্ৰুপ এফ) – ডালাছ বা মণ্টেৰেই
ইউএফএ প্লে অফ বি বনাম টিউনিছিয়া (গ্ৰুপ এফ) – ডালাছ বা মণ্টেৰেই
১৫ জুন-
-স্পেইন বনাম কেপ ভাৰ্ডে (গ্ৰুপ এইচ) – মিয়ামি বা আটলান্টা
-চৌদি আৰব বনাম উৰুগুৱে (গ্ৰুপ এইচ) – মিয়ামি বা আটলান্টা
-বেলজিয়াম বনাম ইজিপ্ত (গ্ৰুপ জি) – লছ এঞ্জেলছ বা ছিয়াটল
-ইৰাণ বনাম নিউজীলেণ্ড (গ্ৰুপ জি) – লছ এঞ্জেলছ বা ছিয়াটল
১৬ জুন-
-ফ্ৰান্স বনাম চেনেগাল (গ্ৰুপ I) – নিউয়ৰ্ক/নিউ জাৰ্চি বা বষ্টন
-ফিফা প্লে অফ ২ বনাম নৰৱে (গ্ৰুপ I) – নিউয়ৰ্ক/নিউ জাৰ্চি বা বষ্টন
-আৰ্জেণ্টিনা বনাম আলজেৰিয়া (গ্ৰুপ জে) – কানছাছ চিটি বা চান ফ্ৰান্সিস্কো বে এৰিয়া
-অষ্ট্ৰিয়া বনাম জৰ্ডান (গ্ৰুপ জে) – কানছাছ চিটি বা চান ফ্ৰান্সিস্কো বে এৰিয়া
১৭ জুন-
-ইংলেণ্ড বনাম ক্ৰ’ৱেচিয়া (গ্ৰুপ এল) – টৰন্টো বা ডালাছ
-ঘানা বনাম পানামা (গ্ৰুপ এল) – টৰন্টো বা ডালাছ
-পৰ্তুগাল বনাম ফিফা প্লে অফ ১ (গ্ৰুপ কে) – হিউষ্টন বা মেক্সিকো চিটি
-উজবেকিস্তান বনাম কলম্বিয়া (গ্ৰুপ কে) – হিউষ্টন বা মেক্সিকো চিটি
১৮ জুন-
-ইউ এফ এ প্লে অফ ডি বনাম দক্ষিণ আফ্ৰিকা (গ্ৰুপ এ) – আটলান্টা
-ছুইজাৰলেণ্ড বনাম ইউএফএ প্লে অফ এ (গ্ৰুপ এ) – লছ এঞ্জেলছ
-কানাডা বনাম কাটাৰ (গ্ৰুপ বি) – ভেংকুৱাৰ
-মেক্সিকো বনাম দক্ষিণ কোৰিয়া (গ্ৰুপ এ) – গুৱাডালাজাৰা
১৯ জুন-
-ব্ৰাজিল বনাম হাইটি (গ্ৰুপ চি) – ফিলাডেলফিয়া বা নিউয়ৰ্ক/নিউ জাৰ্চি
-স্কটলেণ্ড বনাম মৰক্কো (গ্ৰুপ চি) – ফিলাডেলফিয়া বা নিউয়ৰ্ক/নিউ জাৰ্চি
-ইউএফএ প্লে অফ চি বনাম পাৰাগুৱে (গ্ৰুপ ডি) – ছান ফ্ৰান্সিস্কো বে এৰিয়া
-আমেৰিকা বনাম অষ্ট্ৰেলিয়া (গ্ৰুপ ডি) – ছিয়াটল
২০ জুন-
-জাৰ্মানী বনাম আইভৰি কোষ্ট (গ্ৰুপ ই) – টৰন্টো বা কানছাছ চিটি
-ইকুৱেডৰ বনাম Curaçao (গ্ৰুপ ই) – টৰন্টো বা কানছাছ সিটি
-নেদাৰলেণ্ড বনাম ইউএফএ প্লে অফ বি (গ্ৰুপ এফ) – হিউষ্টন বা মণ্টেৰেই
-টিউনিছিয়া বনাম জাপান (গ্ৰুপ এফ) – হিউষ্টন বা মণ্টেৰেই
২১ জুন-
-স্পেইন বনাম চৌদি আৰব (গ্ৰুপ এইচ) – মিয়ামি বা আটলান্টা
-উৰুগুৱে বনাম কেপ ভাৰ্ডে (গ্ৰুপ এইচ) – মিয়ামি বা আটলান্টা
-বেলজিয়াম বনাম ইৰাণ (গ্ৰুপ জি) – লছ এঞ্জেলছ বা ভেংকুৱাৰ
-নিউজীলেণ্ড বনাম ইজিপ্ত (গ্ৰুপ জি) – লছ এঞ্জেলছ বা ভেংকুৱাৰ
২২ জুন-
-ফ্ৰান্স বনাম ফিফা প্লে অফ ২ (গ্ৰুপ I) – নিউয়ৰ্ক/নিউ জাৰ্চি বা ফিলাডেলফিয়া
-নৰৱে বনাম চেনেগাল (গ্ৰুপ I) – নিউয়ৰ্ক/নিউ জাৰ্চি বা ফিলাডেলফিয়া
-আৰ্জেণ্টিনা বনাম অষ্ট্ৰিয়া (গ্ৰুপ জে) – ডালাছ বা চান ফ্ৰান্সিস্কো বে এৰিয়া
-জৰ্ডান বনাম আলজেৰিয়া (গ্ৰুপ জে) – ডালাছ বা চান ফ্ৰান্সিস্কো বে এৰিয়া
২৩ জুন-
-ইংলেণ্ড বনাম ঘানা (গ্ৰুপ এল) – বষ্টন বা টৰন্টো
-পানামা বনাম ক্ৰ’ৱেচিয়া (গ্ৰুপ এল) – বষ্টন বা টৰন্টো
-পৰ্তুগাল বনাম উজবেকিস্তান (গ্ৰুপ কে) – হিউষ্টন বা গুয়াডালাজাৰা
-কলম্বিয়া বনাম ফিফা প্লে অফ ১ (গ্ৰুপ কে) – হিউষ্টন বা গুয়াডালাজাৰা
২৪ জুন-
-স্কটলেণ্ড বনাম ব্ৰাজিল (গ্ৰুপ চি) – মিয়ামি বা আটলান্টা
–মৰক্কো বনাম হাইটি (গ্ৰুপ চি) – মিয়ামি বা আটলান্টা
-কানাডা বনাম ছুইজাৰলেণ্ড (গ্ৰুপ বি) – ভেংকুৱাৰ
-ইউএফএ প্লে অফ এ বনাম কাটাৰ (গ্ৰুপ বি) – ছিয়াটল
-মেক্সিকো বনাম ইউএফএ প্লে অফ ডি (গ্ৰুপ এ) – মেক্সিকো চিটি
-দক্ষিণ কোৰিয়া বনাম দক্ষিণ আফ্ৰিকা (গ্ৰুপ এ) – মণ্টেৰেই
২৫ জুন-
-ইকুৱেডৰ বনাম জাৰ্মানী (গ্ৰুপ ই) – ফিলাডেলফিয়া বা নিউয়ৰ্ক/নিউ জাৰ্চি
-কুৰাচাও বনাম আইভৰি কোষ্ট (গ্ৰুপ ই) – ফিলাডেলফিয়া বা নিউয়ৰ্ক/নিউ জাৰ্চি
-টিউনিছিয়া বনাম নেদাৰলেণ্ড (গ্ৰুপ এফ) – ডালাছ বা কানছাছ চিটি
-জাপান বনাম ইউএফএ প্লে অফ বি (গ্ৰুপ এফ) – ডালাছ বা কানছাছ চিটি
-আমেৰিকা বনাম ইউএফএ প্লে অফ চি (গ্ৰুপ ডি) – লছ এঞ্জেলছ
-পাৰাগুৱে বনাম অষ্ট্ৰেলিয়া (গ্ৰুপ ডি) – ছান ফ্ৰান্সিস্কো বে এৰিয়া
২৬ জুন-
-নৰৱে বনাম ফ্ৰান্স (গ্ৰুপ I) – বষ্টন বা টৰন্টো
-চেনেগাল বনাম ফিফা প্লে অফ ২ (গ্ৰুপ I) – বষ্টন বা টৰন্টো
-নিউজীলেণ্ড বনাম বেলজিয়াম (গ্ৰুপ জি) – ছিয়াটল বা ভেংকুৱাৰ
-ইজিপ্ত বনাম ইৰাণ (গ্ৰুপ জি) – ছিয়াটল বা ভেংকুৱাৰ
-উৰুগুৱে বনাম স্পেইন (গ্ৰুপ এইচ) – হিউষ্টন বা গুয়াডালাজাৰা
-কেপ ভাৰ্ডে বনাম চৌদি আৰব (গ্ৰুপ এইচ) – হিউষ্টন বা গুয়াডালাজাৰা
২৭ জুন-
-পানামা বনাম ইংলেণ্ড (গ্ৰুপ এল) – নিউয়ৰ্ক/নিউ জাৰ্চি বা ফিলাডেলফিয়া
-ক্ৰ’ৱেচিয়া বনাম ঘানা (গ্ৰুপ এল) – নিউয়ৰ্ক/নিউ জাৰ্চি বা ফিলাডেলফিয়া
-জৰ্ডান বনাম আৰ্জেণ্টিনা (গ্ৰুপ জে) – কানছাছ চিটি বা ডালাছ
-আলজেৰিয়া বনাম অষ্ট্ৰিয়া (গ্ৰুপ জে) – কানছাছ চিটি বা ডালাছ
-কলম্বিয়া বনাম পৰ্তুগাল (গ্ৰুপ কে) – মিয়ামি বা আটলান্টা
-ফিফা প্লে অফ ১ বনাম উজবেকিস্তান (গ্ৰুপ কে) – মিয়ামি বা আটলান্টা
নকআউট ৰাউণ্ডৰ সূচী-
৩২ ৰাউণ্ড: ২৮ জুনৰ পৰা ৩ জুলাইলৈ
১৬ ৰাউণ্ড: ৪ জুলাইৰ পৰা ৭ জুলাইলৈ
কোৱাৰ্টাৰ ফাইনেল : ৯ জুলাইৰ পৰা ১১ জুলাইলৈ
ছেমিফাইনেলঃ ১৪ আৰু ১৫ জুলাই, এ টি এণ্ড টি ষ্টেডিয়াম (আৰ্লিংটন, টেক্সাছ) আৰু মাৰ্চিডিজ-বেঞ্জ ষ্টেডিয়াম (আটলান্টা)
তৃতীয় স্থানৰ মেচ: ১৮ জুলাই, হাৰ্ড ৰক ষ্টেডিয়াম, মিয়ামি গাৰ্ডেনছ
বিশ্বকাপৰ ফাইনেল: ১৯ জুলাই, মেটলাইফ ষ্টেডিয়াম, ইষ্ট ৰাদাৰফোৰ্ড, নিউ জাৰ্চি
লগতে পঢ়ক : নিৰ্ণায়ক এদিনীয়াত যশস্বী জয়ছোৱালৰ দুৰ্দান্ত শতক, অৰ্জন কৰিলে এই বিৰল কৃতিত্ব